অসমত ধৰ্মীয় সন্ত্ৰাসবাদীৰ ঘাটি

Assam Terrorist

ভাৰত-বাংলাদেশ সীমান্তইদি পাৰ হৈ অহা বাংলাদেশৰ সন্ত্ৰাসবাদী মডিউল ধৰা পৰাৰ খবৰে ৰাজ্যখনত তোলপাৰ লগাইছে। প্রচাৰ মাধ্যমৰ যোগেদি জানিব পৰা মতে ইতিমধ্যে ছটা তেনেকুৱা গোটৰ লগত জড়িত আঠজন লোকক আটক কৰিব পৰা গৈছে। তেওঁলোকক জেৰা কৰাত এটা কথা পৰিষ্কাৰ হৈছে যে তেওঁলোক বাংলাদেশত জন্ম হোৱা আনছাৰুল বাংলা টীমৰ সদস্য। এইটো দৰাচলতে Al-Qaeda in Indian Subcontinent চমুকৈ AQIS নামৰ সংগঠনটোৰ বাংলাদেশ শাখা। এই বিষয়ে অধিক তথ্য আৰু বিশ্লেষণৰ প্রয়োজন আছে।

বাংলাদেশৰ ধৰ্মীয় মৌলবাদ আৰু সন্তাসবাদৰ ইতিহাস নতুন নহয়। ইছলাম ধৰ্মৰ নামলৈ কেইবা দশকৰ আগতে এটা শ্লোগান ৱাহাবী ইছলাম অনুসৰণ কৰা সংগঠনে সৃষ্টি কৰিছিল। সেই শ্লোগানটো হৈছে ‘ইছলাম বিপদত পৰিছে’ (Islam in Danger)| তেওঁলোক ভাবে যে বিপদ আহিছে দুটা দিশৰ পৰা- এটা অমুছলমানসকলৰ পৰা আৰু আনটো কট্টৰ পন্থা গহণ নকৰা আৰু গণতন্ত্ৰ তথা ধৰ্মনিৰপেক্ষতাক বিশ্বাসী মুছলমানসকলৰ পৰা, গতিকে তেওঁলোক ইছলামৰ ডাঙৰ শত্ৰু যাক ধ্বংস কৰিব লাগিব। এই ধাৰণা হানবালি মতাদৰ্শৰ ইছলামিক পণ্ডিত (আলিম) ইবনে টাইমিয়াৰ (১২৬৩-১৩২৮) পৰা আৰম্ভ কৰি আৰব ভূমিৰ মহম্মদ ইব্‌নে আল ৱাহাব (১৭০৩-১৭৯২) ইজিপ্তৰ চৈয়দ কুট্ব (১৯০৬-১৯৬৬), অবিভক্ত ভাৰতৰ আবুল আলা মাউদুডি (১৯০৩-১৯৭৯) প্রমুখ্যে ভালেমান মৌলবাদী আদৰ্শক পোষকতা কৰা ধৰ্মীয় নেতাই প্রচাৰ চলাই আহিছিল।

মোৰ এখন ইংৰাজী কিতাপ In Pursuit Of Puritan Islam: Wahhabi Outreach in Assam ত ৱাহাবী আন্দোলনৰ বিষয়ে বিশদভাবে তথ্য-সহকাৰে চৰ্চা কৰা হৈছে। আমি বহুতেই জানো যে দুৰ্ধৰ্ষ সন্ভাসবাদী ওচামা বিন-লাডেনে প্রতিষ্ঠা কৰা নিষ্ঠুৰ আৰু ভয়ংকৰ সংগঠন আল-কাইদাই বাংলাদেশত চলি থকা সামৰিক শাসনৰ সময়তে খোপনি পাতিবলৈ চেষ্টা কৰি আহিছিল। অসমত সোমাই পৰা সন্ত্ৰাসবাদীবিলাক আল-কাইদা-পুষ্ট সন্তাসবাদী যাক আমি জিহাদী বুলি কওঁ। দৰাচলতে জিহাদ শব্দটোৰ অৰ্থ-নিৰ্ণয় কৰোঁতে আমি ভুলকৈ কৰোঁ। এই শব্দটোৰ অৰ্থ হৈছে সংগ্ৰাম। বহল অৰ্থত অন্তৰ-শুদ্ধিকৰণ কৰাটো সহজ নহয়। তাকে কৰোঁতে যি সংগ্ৰাম কৰা হয় তাকে জিহাদ বুলি কোৱা হয়। ঠেক অৰ্থত ই শত্ৰুপক্ষই আক্ৰমণ কৰিলে তাক পৰাভূত কৰিবলৈ কৰা যুদ্ধক বুজায়।

সি যি কি নহওঁক, ওচামা বিন লাডেনক বধ কৰাৰ পাছত আয়মান আল-জাৱাহিৰি নামৰ ইজিপ্তৰ চিকিৎসক তেওঁৰ উত্তৰাধিকাৰী হয়। ওচামাৰ দৰেই তেওঁ আছিল ভয়ানক সম্পসবাদী যি আমেৰিকাৰ ৯ চেপ্তেম্বৰৰ দিনা সংঘটিত হোৱা সন্ত্ৰাস কাৰ্যত জড়িত আছিল। এইজন জোৱাহিৰিয়ে আল-কাইদাৰ সন্ত্ৰাসৰ আদৰ্শ আৰু কাৰ্যপন্থা প্রচাৰ আৰু প্রসাৰ চলাই আহিছিল। তাৰে এক অংশ হিচাপে ২০১৪ চনৰ ৩ চেপ্তেম্বৰত এটা ৫৫ মিনিটৰ অনলাইন ভিডিঅ’ প্রচাৰ কৰি আফগানিস্তান, পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত আল-কাইদাৰ সংগঠনৰ ভেটি প্ৰতিষ্ঠা কৰিব বুলি ঘোষণা কৰিছিল। তাৰ আনুষ্ঠানিক ৰূপত ওপৰত উল্লেখিত Al-Qaeda in Indian Subcontinent চমুকৈ IQIS সংগঠনটো গঢ়ি তোলাৰ কথাটো প্রকাশ কৰিছিল।

বাংলাদেশত এবছৰৰ আগৰে পৰা অৰ্থাৎ ২০১৩ চনৰ পৰা সক্ৰিয় হৈ থকা Ansarul Bangla Team (ABT) চমুকৈ আনছাৰল্লা বাংলা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে হাত মিলাই প্রথমতে বাংলাদেশত তাৰ পাছত অসমত সন্ত্ৰাসবাদী কাৰ্যপন্থাৰ প্ৰসাৰ কৰিবলৈ সংকল্প ল’লে। বাংলাদেশ মুছলমান-প্রধান দেশ সেয়ে তাত তেওঁলোকে নিজৰ কাৰ্যকলাপ আগুৱাই নিবলৈ সহজ হ’ব বুলি ভাবিছিল। ABT হৈ পৰিল বাংলাদেশত আল-কাইদাৰ আগশাৰীৰ সন্তবাসবাদী গোট। আনহাতে, অসমৰ কেইবাখনো জিলাত পূৰ্ব-বংগীয় মূল আৰু বাংলাদেশী অনুপ্রৱেশকাৰী যথেষ্ঠ আছে কাৰণে ইয়াতো তেওঁলোকৰ ঘাটি পাতিবলৈ সহজ হ’ব বুলি ধৰি ল’লে। এয়া যে এক ভ্ৰান্ত ধাৰণা আছিল সেয়া প্রমাণিত হ’বলৈ বেছি সময় নালাগিল। আল-কাইদা আৰু ABT য়ে জামাত-ই-ইছলামীৰ ছাত্র শাখা, যাক ছাত্র পৰিষদ বুলি জনা যায়, তাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিলে।

ABT ৰ উপস্থিতি প্রমাণ দিবলৈ বুলি আৰু গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, সংখ্যালঘুৰ সুৰক্ষাৰ সপক্ষে মাত মতা ব্যক্তিক হত্যা কৰিবলৈ আৰম্ভ কৰিলে। এটা বছৰৰ ভিতৰত এই কুখ্যাত সন্তাসবাদী গোটে কেইবাগৰাকী খ্যাতনামা ব্লগাৰ, অধ্যাপক আৰু সাংবাদিকক হত্যা কৰিলে। তেওঁলোকৰ ভিতৰত অভিজিৎ ৰয়, কোৱাইছুৰ ৰহমান বাবু, অনন্ত বিজয় দাস, অধ্যাপক এ.কে.এম.ছাইফুল ইছলাম আছিল অন্যতম। ২০১৫ চনৰ ২১ এপ্ৰিলত ইয়াৰ আঠজনীয়া ডকাইতৰ দলে বাংলাদেশ কমাছিয়েল বেংকৰ এটা শাখাত ডকাইতি কাণ্ড আৰম্ভ কৰিলে। সিহঁতৰ হাতত বন্দুক, গ্ৰেনেড, ম’লটভ ককটেল। বেংকটোৰ কাষতে থকা মছজিদৰ লাউডস্পিকাৰ কোনো সদাশয় লোকে ব্যৱহাৰ কৰি সকলোকে বেংক ডকাইতিৰ কথা জনাই দিলে৷

ততালিকে স্থানীয় শতাধিক লোক আহি বেংকটো আগুৰি ধৰিলে যাতে ডকাইতকেইটাক কৰায়ত্ব কৰিব পৰা যায়। সিহঁতৰ হাতত অস্ত্ৰ-শস্ত্ৰ দেখিও সাধাৰণ জনতাই কোনো ভয়-ভীত নকৰি ডকাইত পলাব নোৱাৰাকৈ অঞ্চলটো ঘেৰি থকা দেখি সিহঁতে গুলী বৰ্ষণ, গ্রেনেড ফুটাই পলাবলৈ চেষ্টা কৰিলে। ফলত ১০ জন মানুহ মৃত্যু মুখত পৰিল, ২০ জন আঘাতপ্রাপ্ত হ’ল। কিন্তু তেওঁলোকে চাৰিটা ডকাইতক ধৰিব পাৰিলে। আন চাৰিটা বাইকলৈ পলাল। সাধাৰণ জনতাৰ এই প্ৰশংসনীয় সাহস আৰু তৎপৰতাই বেংক ডকাইটি বিফল কৰিলে আৰু লগতে এইটো কথাও সাব্যস্ত কৰিলে যে সাধাৰণ জনতাৰ মাজত আনছাৰুল বাংলাৰ কোনো স্থিতি নাই।

এই ঘটনাৰ পাছত বাংলাদেশৰ গৃহ বিভাগে আনাছাৰুল বাংলাৰ ওপৰত প্রতিবন্ধকতা আৰোপ কৰিলে। তাৰ পাছত এই সংগঠনটোৰ ঘাটি আৰু কাৰ্যালয়ৰ ওপৰত নিৰাপত্তা বাহিনীৰ অভিযান আৰম্ভ হ’ল যাৰ কাৰণে তাৰ সদস্যৰ বহুতেই সীমান্ত পাৰহৈ অসম সোমাইছেহি। অৰ্থাৎ আমাৰ ৰাজ্যত সোমাই থকা ইয়াৰ সদস্য বাংলাদেশৰ পৰা খেদা খোৱা সন্ত্ৰাসবাদী। প্রধান মন্ত্ৰী শেখ হাছিনাই জাতীয় সংসদত কোৱা মতে তেওঁৰ দেশত এতিয়া ইয়াৰ কোনো অৱস্থিতি নাই। কিন্তু আমাৰ দেশত ঘাটি পাতিবলৈ ল’লে আমিও কঠোৰ স্থিতি অৱশেই গৃহণ কৰিব লাগিব।

এতিয়া আমাৰ ৰাজ্য চৰকাৰে কি কৰিব লাগে? (১) বাংলাদেশৰ সৈতে থকা আমাৰ সীমান্ত সদা-সতৰ্ক অৱস্থাত ৰাখিব লাগে, যাতে কোনো লোক, অনুপ্রবেশকাৰী আৰু সন্ত্ৰাসবাদী, চোৰাং বেপাৰী আমাৰ দেশত সোমাব নোৱাৰে। (২) যিবিলাক জিলাত আনছাৰল্লা বাংলাৰ সদস্যৰ কাৰ্যকলাপ ধৰা পৰিছে তাত ৰাজ্যৰ চোৰাংচোৱা আৰু নিৰাপত্তা বিভাগে নিখুঁত জৰীপ কৰিব লাগে যাতে তেনে ধৰণৰ হিংসুক আৰু দেশৰ বাবে বিপজ্জনক মানুহক কোনে মাতি আনিছিল, আশ্ৰয় আৰু স্থানীয় মাদ্ৰাছত শিক্ষকতা কৰিবলৈ দিছিল তাৰ বিতং তথ্য সংগ্ৰহ কৰি তেনে ধৰণৰ মানুহৰ ওপৰত ন্যায়িক ব্যৱস্থা ল’ব লাগে।

(৩) আনছাৰল্লা বাংলাৰ সদস্য ধৰা পৰা জিলাবিলাকত স্থানীয় বাসিন্দাৰ যোগেদি সজাগতা সৃষ্টি কৰিব লাগে। ২০১৫ চনৰ এপ্ৰিল মাহত বেংক ডকাইতি কৰা সন্তাসবাদীক যিদৰে স্থানীয় ৰাইজে অসীম সাহস আৰু বীৰত্ব দেখুৱাই ডকাইতি কাণ্ড প্রতিহত কৰাৰ লগতে চাৰিটা ডকাইতক কৰায়ক্ত কৰিব পৰিলে সেই উদাহৰণ দাঙি ধৰিব লাগে আৰু তাৰ যোগেদি অন্ততঃ এটা বাৰ্তা প্রচাৰ কৰিব লাগে যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই; সিহঁতৰ ধৰ্ম হৈছে হত্যাকাণ্ড আৰু ধ্বংসলীলা সংঘটিত কৰা। গতিকে সিহঁতক আটক কৰি আইন বলবৎকাৰী সন্থাৰ হাতত গটাই দিব লাগে। কাৰণ সিহঁতৰ কাৰ্য-কলাপে স্থানীয় নিৰপৰাধী মানুহৰো বিপদ মাতি আনিব। এই দিশত মুছলমান সমাজৰ অধিক দায়িত্ব আছে।

(৪)আনছাৰল্লা বাংলাৰ কাৰ্যকলাপ ধৰা পৰা জিলাকেইখন মধ্য আৰু নামনি অসমৰ। উজনিত তাৰ কোনো উপস্থিতি নাই বুলি ক’ব পাৰি। এই তথ্যটোৱে এটা কথা সূচায় যে পূব বংগীয় আৰু বাংলাদেশী অনুপ্রৱেশকাৰী অধ্যুষিত জিলাতে ইয়াৰ খোপনি পোতা দেখিবলৈ পোৱা গৈছে। এই কথাটো আগত ৰাখি সকলো নাগৰিক আৰু কৰ্তৃত্বশীল মহলে যাৱতীয় ব্যৱস্থা হাতত ল’ব লাগে যাতে সন্ত্ৰাস-ঘাটিবোৰ ধ্বংস কৰিব পাৰি আৰু কোনোৱে যাতে এনে দুষ্কাৰ্য কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। তাকে কৰোঁতে যাতে কোনো নিৰপৰাধী ব্যক্তি হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ ওপৰতো চকু ৰাখিব লাগে।