গুৱাহাটীত “গণতন্ত্ৰৰ সংকট: বৈশ্বিক প্ৰেক্ষাপটত ভাৰত” শীৰ্ষক বক্তৃতা দিব প্ৰসিদ্ধ শিক্ষাবিদ ডঃ প্ৰতাপ ভানু মেহতাই

২০১৯ বৰ্ষত ব্ৰজমোহন শৰ্মা স্মাৰক বক্তৃতা প্ৰদানৰ সময়ত ডঃ অৰূপ কুমাৰ দত্ত। ফাইল ফটো।

দিল্লীৰ নীতি আৰু গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ ফেলো তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ড০ প্ৰতাপ ভানু মেহতাই ১৮ সংখ্যক ব্ৰজামোহন শৰ্মা স্মাৰক বাৰ্ষিক বক্তৃতা প্ৰদান কৰিব।

“গণতন্ত্ৰৰ সংকট: বৈশ্বিক প্ৰেক্ষাপটত ভাৰত” (The Crisis of Democracy: India in a Global Context) শীৰ্ষক এই বক্তৃতাটো অহা ২৫ছেপ্টেম্বৰ দেওবাৰে দিনৰ ১১ বজাত গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত প্ৰদান কৰিব।

সাধাৰণ নাগৰিক আৰু বিশেষকৈ সমাজৰ নিপীড়িত লোকসকলৰ সৈতে সম্পৰ্কিত সমসাময়িক বিষয়বোৰৰ ওপৰত জনমত সংগ্ৰহ কৰি জন সচেতনতা সৃষ্টিত ব্রতী গুবাহাটি উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন অধিবক্তা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ধ্বজা বাহক স্বৰ্গীয় ব্ৰজমোহন শৰ্মাৰ স্মৃতিত প্ৰতি বছৰে এনে বক্তৃতাৰ আয়োজন কৰা হয়।

ব্ৰজমোহন শৰ্মা স্মাৰক ন্যাসে ২০০৪ চনত তেওঁৰ মৃত্যুৰ পিছৰে পৰা এই বাৰ্ষিক বক্তৃতা অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে। এইবাৰ এইটো এনেকুৱা ১৮ তম বক্তৃতা অনুষ্ঠান হ’ব।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰভাত পাটনায়কে ২০০৫ চনত শৃংখলাটোৰ প্ৰথমটো বক্তৃতা “ন্যায়পালিকা আৰু জনসাধাৰণৰ সবলীকৰণ” প্ৰদান কৰিছিল।

এই বক্তৃতা শৃংখলাটোত সীতাৰাম য়েচুৰী, অধ্যাপক জয়তী ঘোষ, অধ্যাপক মালিনী ভট্টাচাৰ্য, বৃন্দা কাৰাটৰ সিদ্ধাৰ্থ বৰদৰাজন, অধ্যাপক মনোৰঞ্জন মহান্তি, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ধীৰেশ নাৰায়ণ চৌধুৰী, পেট্ৰিচিয়া মুখিম, ড০ হীৰেন গোহাঁই, ড০ অমৰজ্যোতি চৌধুৰী, অধ্যাপক এমিৰিটাছ উৎসা পাটনায়ক, প্ৰখ্যাত সাংবাদিক পি. চাইনাথ, ডঃ অৰূপ কুমাৰ দত্ত, ডঃ উদয়ন মিশ্ৰ আৰু ডঃ অপুৰ্ব কুমাৰ বৰুৱাৰ দৰে বহুতো উজ্বল ব্যক্তিত্বই বক্তৃতা প্ৰদান কৰিছে।

বক্তৃতানুষ্ঠানত প্ৰৱেশ বিনামূলীয়া আৰু ট্ৰাষ্টে সকলো সংশ্লিষ্ট তথা আগ্ৰহী লোকক বক্তৃতাটোত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।