বিশিষ্ট অভিনেতা, সংগীত পৰিচালক, চিত্ৰকৰ তথা কবি সৰ্বানন্দ বৰবৰাৰ দেহাৱসান

Sarbananda barbara

সৃষ্টিৰ কঠীয়াতলীত বীজ সিঁচি বহু সাংস্কৃতিক কৰ্মীক জীৱন বাটৰ সন্ধান দিয়া গোলাঘাটৰ বিশিষ্ট অভিনেতা, সংগীত পৰিচালক,কবি, চিত্ৰকৰ সৰ্বানন্দ বৰবৰাৰ বৃহস্পতিবাৰে বিয়লি পুৰণা আমোলাপট্টিৰ নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে।

বহু দিন ধৰি বৃক্ক ৰোগত ভুগি থকা বৰবৰাই অশান্ত প্ৰহৰ, সোণমইনা,শেৱালি ,সূৰ্য তেজৰ অন্য নাম আদি কৰি অসমৰ বহুকেইখন জনপ্ৰিয় অসমীয়া বোলছবিত অভিনয় কৰি মানুহৰ হৃদয়ত এক সুকীয়া আসন লৈছিল।

বিশেষকৈ কৌতুক অভিনেতা হিচাপে খ্যাত বৰবৰা অসমৰ অন্যতম কৌতুক অভিনেতা প্ৰয়াত ৰাণা তামূলী, পৰাণ বৰবৰা আদি অভিনেতাৰ লগত যুটী বান্ধি বহু ছবি আৰু নাটকৰ যোগেদি মানুহক মনোৰঞ্জনৰ খোৰাক যোগাইছিল।

অতিকৈ ৰসিক বৰবৰা অসমীয়া বোলছবি জগতৰ কেইবাখনো অসমীয়া ছবিত সংগীত পৰিচালনাও  কৰিছিল যদিও  দীনেশ গগৈৰ পৰিচালিত অগ্নি ছবিত সংগীত পৰিচালনা কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ ছবিখনত তেওঁৰ স্ব-ৰচিত মুখ্য গীত “নমনি একোকে নমনি / কোনেনো জ্বলালে / কিয়নো জ্বলালি গীতটি  সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ কন্ঠত প্ৰাণ পোৱাৰ লগতে গীতটো গাই  সুধাকন্ঠয়ো বৰবৰাক উচ্চ প্ৰশংসা কৰিছিল।

সকলো বাদ্য সংগত কৰিব জনা বৰবৰা এজন সু কবি হোৱাৰ লগতে এজন চিত্ৰকৰো আছিল। ইয়াৰোপৰি এসময়ত স্ব ৰচিত পেৰডী আৰু আধুনিক গীতৰ চৰ্চা কৰি অনুমোদিত গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল।

ইয়াৰ লগতে বহু নাটক, বোলছবিত ৰূপসজ্জা আৰু মঞ্চসজ্জাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি অন্য এক প্ৰতিভাৰ উমান দিছিল।

সংসাৰৰ মায়াৰ মাজত থাকি বেয়া পোৱা বৰবৰা চিৰকুমাৰ হৈ থাকিল যদিও গোলাঘাট বাসীকে নিজৰ পৰিয়াল বুলি ভবা বৰবৰাৰ এই মৃত্যুত ম্ৰিয়মান হৈ পৰিছে গোলাঘাটবাসী।

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সক্ৰিয় কৰ্মী এমেচাৰ বঁটা প্ৰাপক বৰবৰাৰ এই মৃত্যুৱে শূণ্য কৰিলে সাংস্কৃতিক ক্ষেত্ৰখন। অভিভাৱকহীন হ’ল বহু নতুন প্ৰতিভা।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে এখন্তেক দেখা দিবলৈ স্ব-গৃহত  বহু গুণমুগ্ধ ই ভীৰ কৰা পৰিলক্ষিত হয়। বৰবৰাৰ এই বিয়োগ গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অপূৰণীয় ক্ষতি।