শিশু জন্মৰ পিছৰ পৰা ৰোগত আক্ৰান্ত হ’ব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ কৰাৰ উপায় সমূহ জন্মৰ পিছৰে পৰা অবলম্বন কৰিব লাগে। যি শিশুৰ জন্মৰ পিছৰে পৰা শাৰীৰিক আৰু মানসিক বিকাশ বয়সোপযোগী হয় তেনে শিশুৰ নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি উপযুক্ত হয়।
আমাৰ দেশত নৱজাতক শিশুৰ মৃত্যুৰ হাৰ বেছি। মূল কাৰণ হ’ল প্ৰসব অপৰিস্কাৰ পৰিবেশত হয়। ফলত বীজাণু সংক্ৰমণ হয়। শৈশৱ কালত প্ৰধান মাৰাত্মক ৰোগ দুটা হ’ল নিউমোনীয়া আৰু পেটৰ অসুখ। এই দুয়োটা ৰোগ শিশুৰ প্ৰধানকৈ মৃত্যুৰ কাৰণ বুলি চিনাক্ত হৈছে।
উল্লেখযোগ্য যে জন্মৰ পিছৰ পৰা প্ৰথম ২ বছৰ বয়সলৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰিলে শৈশবৰ পিছৰ কালতো ৰোগ নোহোৱাকৈ থাকে বা কমকৈ হোৱা দেখা যায়। ফলত শিশুৰ মৃত্যুৰ হাৰ কমাব পাৰি। তাৰোপৰি ৰোগ বাৰে বাৰে হৈ থাকিলে শিশু পুষ্টিহীনতাত ভোগে। পুষ্টিহীন শিশুৰ ক্ষেত্ৰত যিকোনো ৰোগৰ মাত্ৰা বেছি হয় আৰু মৃত্যুৰ হাৰ বেছি হয়।
সহজ উপায়বোৰ
ৰোগত আক্ৰান্ত নোহোৱাকৈ ৰাখিব পৰা সহজ উপায়বোৰ এনেধৰণৰ:
১) পৰিস্কাৰ পৰিবেশত প্ৰসব।
২) ঘৰত পৰিস্কাৰ পৰিছন্নতা অটুট ৰাখা।
৩) শিশুক নিয়ম মতে মাকৰ গাখীৰ খুউৱা।
৪) সময় মতে বয়সোপযোগী পুষ্টিকৰ আহাৰ খুউৱা।
৫) উপৰুৱা ভিটামিন আৰু খনিজ পদাৰ্থৰ যোগান।
৬) সময়মতে পেলু প্ৰতিষেধক ঔষধ প্ৰয়োগ ।
৭) সময়মতে প্ৰতিষেধক চিটা প্ৰদান।
১) ঘৰতে হওক বা চিকিৎসালয়তে হওক সদায় এটা পৰিস্কাৰ পৰিবেশত মাতৃৰ প্ৰসবৰ ব্যৱস্থা কৰিব লাগে। আৰু বিধি অনুসৰি নৱজাতকৰ যতন ল’ব লাগে। এনে কৰিলে শিশুৰ বীজাণু সংক্ৰমণ ৰোধ কৰিব পৰা যাব আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যাব। এইটো অতি দৰকাৰী কথা কাৰণ বৰ্তমান আমাৰ দেশত নৱজাতকৰ মৃত্যুৰ হাৰ পৃথিবীৰ আন বহু দেশৰ তুলনাত বেছি।
২) ঘৰত পৰিস্কাৰ পৰিছন্নতা অটুট ৰাখা।
পিতৃ-মাতৃ আৰু গৃহবৰ্তী সকলো লোকে ঘৰত পৰিস্কাৰ পৰিছন্নতা সকলো সময়তে অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগিব। পৰিস্কাৰ পৰিবেশ বাহাল ৰাখিবৰ কাৰণে কেইটামান নিয়ম এনেধৰণৰ:
ক) শিশুৰ যিকোনো কাম কৰাৰ আগতে মাকে প্ৰত্যেকবাৰ নিজৰ হাত চাবোন আৰু পানীৰে ধুব লাগে।
খ) গৰম দিনত সদায় আৰু ঠাণ্ডা দিনত বাহিৰৰ তাপমান অনুসৰি যেতিয়া পৰা যায় শিশুক কুহুমীয়া পানীৰে গা ধুৱাব লাগে।
নৱজাতকৰ নাড়ীয়েদি বীজাণু সংক্ৰমণৰ আশংকা প্ৰবল। সেয়েহে নাড়ী শুকাই নসৰালৈকে শৰীৰৰ সেই অংশ টিয়াব নালাগে আৰু পৰিস্কাৰ কৰি ৰাখিব লাগে। নাড়ীত মলম আদি লগাব নেলাগে। সদায় গাত তেল ঘঁহা বা পাউদাৰ দিয়া বিশেষ কোনো সুফল নাই। দিব নেলাগে। বীজাণু সংক্ৰমণৰ আশঙ্কা থাকে।
গ) খাদ্য খোৱাৰ আগে পিছে হাত মুখ ধোৱা অভ্যাস ৬ মাহ বয়সৰ পৰা কৰিব লাগে। ২ বছৰ পুৰ হোৱাৰ পিছত শিশুক খোৱাৰ আগত চাবোনেৰে হাত ধুবলৈ আৰু খোৱাৰ পিছত মুখ হাত নিজে ধুবলৈ শিকাব লাগে।
৩) শিশুক নিয়ম মতে মাকৰ গাখীৰ খুৱাব লাগে।
জন্মৰ ১ ঘন্টাৰ ভিতৰত আৰম্ভ কৰি ৬ মাহ বয়স পুৰ হোৱালৈ শিশুক অকল মাকৰ গাখীৰ খুৱাব লাগে। তাৰ পিছত বয়সোপযোগী আন আহাৰৰ লগত ২ বছৰ বা ততোধিক বয়সলৈ মাকৰ গাখীৰ খুৱাই থাকিলে ভাল।
উল্লেখযোগ্য যে মাকৰ গাখীৰত পুষ্টিৰ উপৰিও কিছুমান ৰাসায়নিক দ্ৰব্য থাকে যি শিশুক ৰোগ প্ৰতিৰোধ কৰিবলৈ শক্তি প্ৰদান কৰে।
৪)সময় মতে বয়সোপযোগী পুষ্টিকৰ আহাৰ খুৱাব লাগে।
৬ মাহ বয়স পুৰ হোৱাৰ পিছৰ পৰা এটা এটাকৈ পুষ্টিকৰ ঘৰুৱা আহাৰ খুৱাবলৈ আৰম্ভ কৰিব লাগে যাতে সকলো ঘৰুৱা খাদ্যৰ সোৱাদৰ লগত চিনাকী হয় আৰু ১ বছৰ বয়স পুৰ হোৱাৰ পিছত সকলো ঘৰুৱা আহাৰ খাবলৈ আগ্ৰহ কৰে।
মনত ৰাখিবলগীয়া কথা হ’ল যে শিশুক আৰম্ভণিৰে পৰা ঘৰৰ সকলোৰে কাৰণে ৰন্ধা ভাত, দাইল, শাক পাচলি, আঞ্জা আদি খুৱাব লাগে। বেলেগে ৰান্ধি দিব নেলাগে।
পৰিস্থিতি সাপেক্ষে শিশুক ৪ মাহ বয়স পুৰ হোৱাৰ পাছতো উপৰিউক্ত আহাৰ খুৱাব পাৰি। তাৰ পৰিবৰ্তে এই বয়সত মাকৰ গাখীৰ কম হৈছে বুলি ভাবি বজাৰত উপলব্ধ গুৰি গাখীৰ বা গৰুৰ গাখীৰ খুৱালে শিশুৰ অপকাৰ কৰা হ’ব।
৬ মাহ বয়সৰ পৰা শিশুৱে কিহবাত ধৰি বহিব পাৰে। তেতিয়াৰ পৰা শিশুক সদায় বহুৱাই খুৱাব লাগে। ৯ মাহ বয়সত শিশুৱে নধৰাকৈ বহিব পাৰে। এই বয়সৰ পৰা শিশুক নিজে খোৱাৰ অভ্যাস কৰিব দিব লাগে। তেতিয়া ১ বছৰ বয়স পুৰ হোৱাৰ পিছত নিজে ভালকৈ খাব পৰা হয় আৰু ১ বছৰ বয়স পুৰ হোৱাৰ পিছৰে পৰা পিতৃ মাতৃৰ লগত একেলগে বহি সকলো ঘৰৰ খাদ্য খাব পাৰে।
প্ৰথমতে নিজে খাওঁতে কিছু লেতেৰা কৰিব। কিন্তু মাকক চাফা কৰা দেখিলে শিশুৱে চাফা কৰিবলৈ শিকে। আৰু চাফা কৰিবলৈ দিলে লাহে লাহে নেপেলোৱা হয়।
শিশুৱে কিমান পৰিমানৰ খাদ্য খাব সেই বিষয়ত মনত ৰাখিবলগীয়া কথা হ’ল যে শিশুৰ বয়স অনুসৰি বাঢ়ন কম বেছি হৈ থাকে আৰু বাঢ়ন অনুসৰি ভোক কম বেছি হয়। সেয়ে কিমান খাইছে প্ৰতি সাজতে চাব নেলাগে। শিশুৱে ভোক লাগিলে খায় আৰু যিমান ভোক লাগে সিমানহে খায়। আচলতে শিশুৱে ৭ দিনৰ আহাৰ ৫ দিনতে খায়। অৰ্থাৎ সপ্তাহত ২ দিন বা ৪৮ ঘন্টা একো নেখায়। উদাহৰণ স্বৰূপে এই ৪৮ ঘন্টা একেলেথাৰিয়ে নেখাব পাৰে বা ৪ দিন এবেলা নেখাব পাৰে। গতিকে কোনোবা এসাজত নেখালে জোৰ কৰিব নেলাগে। জোৰ কৰিলে শিশুৱে আৰু নোখোৱা হয়। খোৱাৰ ক্ষেত্ৰত নিজৰ মতে চলিব দিব লাগে। শিশুৱে পিয়াহ লাগিলে পিয়ে আৰু যিমান লাগে সিমান পিয়ে। সেয়ে জোৰ কৰি পানীয় খুৱাব নেলাগে। বিচাৰিলে দিব লাগে।
এনেধৰণেৰে কৰিলে শিশুৱে যিখিনি দৰকাৰ আনন্দেৰে খায়। ফলত পুষ্টিহীনতা নহয় আৰু ৰোগত কমকৈ ভোগে।
শিশুৰ ওজন লৈ বেছি ভাগ পিতৃ-মাতৃয়ে চিন্তা কৰা দেখা যায় । আন শিশুৰ লগত তুলনা কৰে আৰু চিন্তিত হয়। উল্লেখযোগ্য যে শিশুৰ ওজন বিশেষকৈ নিৰ্ভৰ কৰে জন্মৰ ওজন, পৰিয়ালৰ মানুহৰ শৰীৰৰ গঠন আৰু খাদ্যৰ ওপৰত। গতিকে দুটা শিশুক কেতিয়াও তুলনা কৰিব নেলাগে।
শিশুৰ শাৰীৰিক বাঢ়ন জন্মৰ পিছৰ পৰা যৌবন কালৰ অন্তলৈ হৈ থাকে। কিন্তু বাঢ়ন সকলো সময়তে সমান নহয়। প্ৰথম ৯ মাহ বয়সলৈ অতি দ্ৰুত হয় তাৰ পিছত অলপ কমি যায় কিন্তু ২ বছৰ বয়সলৈ দ্ৰুত হৈ থাকে।
২ বছৰৰ পৰা ৫ বছৰ বয়সলৈ বাঢ়ন নগণ্য। তাৰ পিছত ৫ আৰু ৬ বছৰ বয়সত আকৌ অলপ বাঢ়ন হয়। তাৰ পিছত ছোৱালীৰ ৯ বছৰ আৰু ল’ৰাৰ ১০ বছৰ বয়সৰ পৰা যৌৱন কালৰ অন্তলৈ পুনৰ দ্ৰুত গতিত বাঢ়ন হয়। উল্লখযোগ্য যে দ্ৰুত বাঢ়নৰ সময়ত শিশুৰ ভোক বাঢ়ে, ভালদৰে খায় আৰু ওজন বাঢ়ে। বাঢ়ন নোহোৱাৰ সময়ত কম খায়। ওজন কম বাঢ়ে। এইটো প্ৰকৃতিৰ নিয়ম। এইখিনি মানি ল’লে পিতৃ-মাতৃ আৰু শিশু সকলো শান্তিত থাকিব পাৰে।
৫)উপৰুৱা ভিটামিন আৰু খনিজ পদাৰ্থৰ যোগান ধৰাটো আৱশ্যকীয়।
পুষ্টিকৰ খাদ্যৰ উপৰিও শিশুক খাদ্যপ্ৰান যেনে ভিটামিন A আৰু D, খনিজ যেনে লো ( Iron) উপৰুৱাকৈ দিব লাগে।
ভিটামিন D জন্মৰ পৰা ১ বছৰ বয়সলৈ ৪০০ IU দিনে এবাৰ কৈ দিব লাগে। তাৰ পিছত তেজত ভিটামিন ডিৰ পৰিমান পৰীক্ষা কৰি কম থাকিলে ডাক্তৰৰ পৰামৰ্শ লৈ বিধি অনুসাৰে দিব লাগে।
আমাৰ দেশত ভিটামিন A ৰ অভাৱত হোৱা অন্ধতাৰ প্ৰকোপ বহুত বেছি। সেয়ে ৰাষ্ট্ৰীয় অনুমোদিত তালিকা অনুসৰি সকলো শিশুক ৯ মাহ বয়সৰ পৰা প্ৰতি ৬ মাহে, ৫ বছৰ বয়সলৈ নিৰ্দ্ধাৰিত জোখত ভিটামিন A খুৱাব লাগে। তাৰ পিছত যদি দৰকাৰ হয় তেতিয়া ডাক্তৰৰ উপদেশ অনুসৰি দিব লাগে।
তেজত উপযুক্ত পৰিমানৰ হিম’গ্লবিন থকাটো শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ দুয়োটাৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু শৰীৰত উপয়ুক্ত পৰিমানৰ হিম’গ্লবিন তৈয়াৰ হ’বৰ কাৰণে আন আন দ্ৰব্যৰ লগতে লো (Iron) এটা অতি দৰকাৰী খনিজ পদাৰ্থ। আৰু যিটো শিশুক খাদ্যৰ মাধ্যমেৰে আৰু প্ৰয়োজন হ’লে ঔষধৰ দ্বাৰা দিব পাৰি।
অনুন্নত আৰু উন্নতশীল দেশ সমুহত খাদ্য ব্যৱস্থা আৰু ৰোগৰ প্ৰাদুৰ্ভাবলৈ লক্ষ্য কৰি সকলো শিশুকে ৰাষ্ট্ৰীয় তালিকা অনুসৰি ঔষধি লো খুউৱাতো দৰকাৰ।
তালিক অনুসৰি, আমাৰ দেশত, সকলো শিশুকে ৬ মাহ বয়সৰ পৰা আৰু আগতীয়াকৈ জন্ম হোৱা শিশুক ৬ সপ্তাহ বয়সৰ পৰা আৰম্ভ কৰি প্ৰতিবছৰে ৯০ দিন ঔষধি লো (Iron) খুৱাব লাগে।
ছোৱালী সকলে মাহেকীয়া বন্ধ হোৱালৈ আৰু ল’ৰা সকলে যৌবনৰ অন্ত লৈ খাব লাগে। তাৰ পিছত দৰকাৰ হ’লে ডাক্টৰৰ পৰামৰ্শ মতে ল’ব লাগিব।
৬) সময়মতে পেলু প্ৰতিষেধক ঔষধ খোৱাটো দৰকাৰ।
পৃথিবীৰ অনুন্নত আৰু উন্নতশীল দেশ সমূহত, অনুপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থাৰ ফলত পেলুৰ প্ৰাদুৰ্ভাব বেছি। আমাৰ দেশ এই পৰ্যায়ৰ দেশৰ ভিতৰত পৰে। বিশ্ব স্বাস্থ্য সন্থাৰ বৰ্তমানৰ নীতি অনুযায়ী এই দেশ সমূহৰ সকলো বয়সৰ লোকে, পেলু দ্বাৰা আক্ৰান্ত নহ’বলৈ, বছৰে ৬ মাহৰ মুৰে মুৰে ২ বাৰ পেলু ঔষধ খাব লাগে। শিশুৰ ক্ষেত্ৰত পেলু নহ’বলৈ ২ বছৰ বয়স পুৰ হোৱাৰ পিছৰ পৰা প্ৰতি ৬ মাহৰ মুৰে মুৰে পেলুৰ ঔষধ খুৱাব লাগে। শিশুটোৰ লগতে গৃহবৰ্তি সকলো মানুহে এই ঔষধ খাব লাগে। এই ঔষধ আমাৰ দেশত পেলুৰ প্ৰাদুৰ্ভাবলৈ চাই সকলো মানুহে ওৰে জীবনলৈ ৬ মাহৰ মুৰে মুৰে খাব লাগে।
পেলু নোহাৱাকৈ থাকিবলৈ হ’লে আৰু কেইটামান নিয়ম মানি চলিব লাগিব ।
ক) কেতিয়াও পথাৰত বা মুকলিত শৌচ কৰিব নেলাগে।
খ) শৌচ কৰা পিছত চাবোন আৰু পানীৰে হাত ধুব লাগে। শিশুক সৰুৰে পৰা এই অভ্যাস কৰাব লাগে।
গ) শিশুৰ বয়সোপযোগী ওজন অটুট ৰাখিব লাগে। ওজন কম হ’লে বা পুষ্টিহীনতাত ভুগিলে শিশু পেলুৰ দ্বাৰা সহজে আক্ৰান্ত হয়।
৭) সময়মতে প্ৰতিষেধক চিটা প্ৰদান।
পৃথিবীৰ বিভিন্ন প্ৰান্তত আজিও বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাব দেখা যায়। প্ৰতি দেশত, সেই দেশৰ ৰোগৰ প্ৰাদুৰ্ভাব অনুযায়ী আৰু বিশ্ৱ স্বাস্থ্য সন্থাৰ নীতি অনুযায়ী, এখন ৰাষ্ট্ৰীয় প্ৰতিষেধক চিটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। আমাৰ দেশত বৰ্তমান প্ৰচলিত তালিকা অনুসৰি সকলো শিশুকে সময় মতে চিটা দিয়াটো সকলো পিতৃ মাতৃৰ প্ৰধান কৰ্তব্য। চিটা প্ৰদানে শিশুক মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।