বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰীৰ মৃত্যু, শোকস্তব্ধ ৰাজ্যৰ বিদ্বৎ মহল

কাইলৈ বন্ধ ৰখা হ'ব পাণবজাৰৰ লগতে ৰাজ্যৰ সকলো গ্ৰন্থ বিপণী

ৰাজ্যৰ এগৰাকী বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰী আৰু নাই।

আজি সন্ধিয়া প্ৰায় ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দেৱ চৌধুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত গিৰিপদ দেৱ চৌধুৰীক কিছুদিন পূৰ্বে মহানগৰীৰ নেম কেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

অৱশেষত আজি দেৱ চৌধুৰীয়ে নিয়তিৰ ওচৰত হাৰ মানে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ।

দেৱ চৌধুৰীৰ মৃত্যুত পাণবজাৰৰ সকলো গ্ৰন্থ বিপণীৰ লগতে অসমৰ সকলো গ্ৰন্থ বিপণী ২০ নবেম্বৰ শনিবাৰে বন্ধ ৰাখিব।
প্ৰায় সকলো গ্ৰন্থ বিক্ৰেতাৰ মাজত “মামা’ হিচাবে জনপ্ৰিয় বিশিষ্ট গ্ৰন্থ প্ৰকাশক,লেখক,অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ,গ্ৰন্থ বিক্ৰেতাৰ পিতামহ,প্ৰকাশিকা গ্ৰন্থ বিপণীৰ স্বত্বাধিকাৰী গিৰিপদ দেৱ চৌধুৰীৰ ১৯৩২ চনৰ ১৬ আগষ্টত এতিয়াৰ বজালী জিলাৰ পাটাছাৰকুছিত জন্ম হৈছিল৷

তেখেতে ২০০১ চনৰ ২০১১ চনলৈ সদৌ অসম পুঁথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
তেখেত খুৱ স্বাধীনচিতিয়া আৰু স্পষ্টবাদী ব্যক্তি আছিল লগতে যিকোনো বিষয়ৰ ওপৰত বক্তৃতা দি ৰাইজক আশ্বস্ত কৰিব পাৰিছিল ৷

তেখেতে জ্যেষ্ঠ ভাতৃ প্ৰয়াত অম্বিকা পদ চৌধুৰীৰ লগত গ্ৰন্থ ব্যৱসায়ৰ সৈতে জড়িত হৈ ১৯৭৫ চনত বাণী প্ৰকাশৰ ৰূপালী জয়ন্তীৰ সময়ত গুৱাহাটী পাণবজাৰত প্ৰকাশিকাৰ গ্ৰন্থ বিপণী আৰম্ভ কৰিছিল ৷চৌধুৰীয়ে কেবাখনো শিশু গ্ৰন্থ ৰচনা কৰিছিল ।

তাৰ ভিতৰত ১/বাল্মীকি ৰামায়ণ ২/বেদব্যাস মহাভাৰত ৩/কথা সৰিৎ সাগৰ ইত্যাদি । তেখেতে All quite on the western front নামৰ এসময়ত জনপ্ৰিয় উপন্যাসখন একে শিৰোনামাৰে অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল৷

তেখেতে নিয়মীয়া বাৰ্তা,অসমীয়া প্ৰতিদিন,অগ্ৰদূত ,দৈনিক জনমভূমি ,দৈনিক অসম আদিত নিয়মীয়াকৈ বিভিন্ন প্ৰাসংগিক বিষয়ত প্ৰৱন্ধ পাতি লিখিছিল।

গিৰিপদ দেৱচৌধুৰীৰ মৃত্যুত সদৌ অসম পুঁথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ লগতে বহু দল-সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰি সংবাদ মাধ্যমলৈ শোক বাৰ্তা প্ৰেৰণ কৰিছে।