বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ দেহাৱসান

Professor Tabu Taid laid to rest at Gogamukh

টাবুৰাম টাইদৰ ফাইল ফটো।

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ শনিবাৰে পুৱা গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে।

জানিব পৰা মতে, পুৱা প্ৰায় ৭-৩০ বজাত গুৱাহাটীৰ এপ’লো হাস্পাতলত বিশিষ্ট পণ্ডিতগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।

বিশিষ্ট শিক্ষাবিদগৰাকী আজি কিছুদিন ধৰি অসুস্থ হৈ আছিল। দুসপ্তাহ ধৰিজ্বৰ আৰু কাহত ভূগি থকা টাইডক প্ৰথমতে নেমকেয়াৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পাছতে যোৱা ১৩ আগষ্টত বিশিষ্ট শিক্ষাবিদগৰাকীক এপ’লো হাস্পাতলৰ আই চি য়ুত ভৰ্তি কৰা হৈছিল।

তেওঁ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে ডায়েবেটিছতো আক্ৰান্ত হৈছিল।

অসমৰ শিক্ষা-গৱেষণা তথা ভাষা-সাহিত্যৰ এগৰাকী অক্লান্ত সাধক টাবুৰাম টাইডৰ মৃত্যুত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকে শোক প্ৰকাশ কৰিছে।

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিতগৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীয়ে বিশিষ্ট গৱেষক-পণ্ডিত গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিছে।

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ মৃত্যুত অসম সাহিত্য সভায়ো শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অসমৰ ভাষা-সংস্কৃতি তথা জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা টাইডৰ জীৱন আৰু সৃষ্টি কৰ্ম প্ৰেৰণাৰ মহান আদৰ্শ হৈ ৰ’ব বুলি মন্তব্য কৰিছে।

১৯৪২ চনৰ ১ আগষ্টত টাবুৰাম টাইডৰ লখিমপুৰ জিলাৰ এখন ভিতৰুৱা মিছিং গাঁও ঘুণাসুঁতি আয়েংগিয়াত জন্ম হয়।

তেওঁৰ পিতৃ উবাং টাইড এগৰাকী কৃষক আছিল।

শিক্ষা জীৱনত টাবুৰাম টাইড এগৰাকী অতি মেধাবী ছাত্ৰ হিচাপে খ্যাতি লাভ কৰিছিল।

গাঁৱৰে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰা টাইডে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল উত্তৰ-লখিমপুৰত।

কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক টাবুৰাম টাইডে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

তেওঁ ১৯৬৩ চনত ইংৰাজী বিষয়ত সন্মানসহ স্নাতক আৰু সেই বিষয়তে ১৯৬৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কটন কলেজত এগৰাকী ইংৰাজীৰ প্ৰবক্তা হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল।

ইয়াৰ মাজতে তেওঁ বৃত্তি লাভ কৰি ব্ৰিটেইনৰ ৰিডিং য়ুনিভাৰ্ছিটিত এপ্লাইড লিংগুইষ্টিকত স্নাতকোত্তৰ ডিপ্ল’মা সমাপ্ত কৰে।

তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনত ভাৰতীয় বৈদেশিক সেৱাৰ বাবে নিৰ্বাচিত হৈছিল যদিও সেই সময়ত শাৰীৰিক অসুস্থতাৰ বাবে চাকৰিত যোগদান কৰিব নোৱাৰিলে।

টাবুৰাম টাইড এগৰাকী শিক্ষা বিভাগৰ প্ৰশাসনীয় বিষয়া হিচাপে কেইবাবছৰো সেৱা আগবঢ়াইছিল।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত তেওঁ ডি ডিপিআই, এছ চি ই আৰ টিৰ সঞ্চালক,মাধ্যমিক শিক্ষাৰ সঞ্চালক, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক, সঞ্চালক,মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষকে ধৰি বহু উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি, তেওঁ শিক্ষা সংস্কাৰ আয়োগ, সাহিত্য একাডেমী, নেশ্যনেল বুক ট্ৰাষ্ট, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্যকে ধৰি বিভিন্ন সন্মানীয় সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল।

মিছিং আগম কেবাঙৰ প্ৰতিষ্ঠাতা শিক্ষাবিদ গৰাকীয়ে মিছিং ভাষা-সাহিত্য তথা সংস্কৃতিৰ উন্নতিৰ হ’কে অহোপুৰুষাৰ্থ কৰিছিল।

বিশিষ্ট গৱেষক পণ্ডিতগৰাকীয়ে কেইবাখনো আপুৰুগীয়া গ্ৰন্থও ৰচনা কৰি গৈছে।

সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ বৰঙণিৰ বাবে অসম চৰকাৰে তেওঁক সাহিত্যিক পেন্সনো আগবঢ়াইছিল।

মিছিং আগম কেবাঙে তেওঁক ২০০৭ চনত ‘আগম মিগাঙ’ সন্মানেৰে সন্মানিত কৰে।

২০১০ চনত মিছিং ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সাহিত্য একাডেমীয়ে সন্মানীয় ‘ভাষা সন্মান’ বঁটা প্ৰদান কৰে।

২০১১-১২ বৰ্ষত তেওঁক ছুকাফা বঁটাৰে সন্মানিত কৰা হয়।