NORTHEAST NOW (Assamese)

চাঞ্চল্যকৰ খৱৰ! তালিবান নেতা বৰাদৰক বন্দী কৰি ৰাখিছে হাক্কানিয়ে; আখুন্দাজাদাৰ মৃত্যু হৈছে

September 21, 2021 3:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 21, 2021 3:50 pm

দীৰ্ঘদিন ধৰি চৰ্চা চলি থকাৰ পাছত এইবাৰ আফগানিস্তানৰ তালিবান চৰকাৰৰ উপ প্ৰধানমন্ত্ৰী মোল্লা বৰাদৰ আৰু হাক্কানি গোষ্ঠীৰ মাজৰ সংঘাত শীৰ্ষ পৰ্যায়ত উপনীত হোৱাৰ খৱৰ প্ৰকাশ পাইছে।

ব্ৰিটিছ আলোচনী দ্য স্পেক্টেটৰৰ এক প্ৰতিবেদনত বৰাদৰক বন্দী কৰি ৰখা বুলি দাবী কৰা হৈছে। তদুপৰি, তালিবান নেতা হাইবাতুল্লাহ আখুন্দাজাদাৰ মৃত্যু হোৱা বুলিও বাতৰি বিয়পিছে।

যোৱা ১৫ আগষ্টাত কাবুল পতনৰ পাছৰে পৰা ক্ষমতা দখলৰ যুঁজত অৱতীৰ্ণ হৈছে তালিবান আৰু হাক্কানি সন্ত্ৰাসবাদী গোষ্ঠীৰ মাজত।

সোমবাৰে স্পেক্টেটৰৰ প্ৰতিবেদনত সদৰী হৈছে যে আফগানিস্তানত চৰকাৰ গঠনক লৈ চলিত মাহৰ প্ৰথম ভাগতে বৰাদৰ গোষ্ঠী আৰু হাক্কানি গোষ্ঠীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।

হাক্কানি গোষ্ঠীৰ পক্ষত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআই আছে। পাকিস্তানৰ বিশ্বস্ত লোকৰ হাতত যাতে তালিবান চৰকাৰৰ ক্ষমতাশালী পদ থাকে সেইটো আইএছআইয়ে বিচাৰে।

Also read : চৰ্ত প্ৰযোজ্য! মহিলাক বিশ্ববিদ্যালয়ত অধ্যয়নৰ অনুমতি দিব তালিবান চৰকাৰে

ছেপ্টেম্বৰৰ প্ৰথমভাগৰ বৈঠকত কি হৈছিল সেই সম্পৰ্কত স্পেক্টেটৰৰ প্ৰতিবেদন অনুসৰি বৰাদৰক হাক্কানি নেটৱৰ্কে ‘প্ৰধান দুৰ্ভাগ্যৱান’ বুলি কটাক্ষ কৰিছিল। তাৰমাজতে দুই পক্ষ সংঘৰ্ষত জড়িত হৈ পৰিছিল।

প্ৰতিবেদন অনুসৰি, বৈঠকত এটা সময়ত হাক্কানি সন্ত্ৰাসগোষ্ঠীৰ খালিল-উল-ৰহমানে চকীৰ পৰা উঠি বৰাদৰক ঘুচিয়াবলৈ ধৰে। সেই সংঘৰ্ষৰ পাছতে কেইদিনমানলৈ বৰাদৰৰ সন্ধান পোৱা নগৈছিল।

পাছত কান্দাহাৰত বৰাদৰক দেখা যায়। বৰাদৰে বিভিন্ন নেতাৰ সৈতে আলোচনা কৰিছে। ইয়াৰ লগতে তালিবান নিয়ন্ত্ৰিত সংবাদ মাধ্যমত এটা ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰে। তাত সেই বাৰ্তাত বৰাদৰক বন্দী কৰি ৰখাৰ ভিডিঅ’ৰ দৰে হৈছে বুলিদাবী কৰিছে দ্য স্পেক্টেটৰে।

আনহাতে, আখুন্দাজাদাৰ সম্পৰ্কত আলোচনীখনে দাবী কৰে যে তালিবান নেতাগৰাকী ক’ত আছে সেই বিষয়ে জানিব পৰা হোৱা নাই।

প্ৰতিবেদনখনত কোৱা হৈছে,’’কিছুদিন ধৰি তেওঁক দেখা যোৱা নাই বা তেওঁৰ মাত শুনা যোৱা নাই। কেইবাটাও মহলৰ পৰা আখুন্দাজাদাৰ মৃত্যু হোৱাৰ সম্ভাৱনা বিয়পিছে।‘’

Related News