মহেন্দ্ৰ সিং ধোনী! পৰিসংখ্যাগতভাৱে ভাৰতৰ সফল অধিনায়ক। তেওঁ নিজৰ সময়ছোৱাত উপলব্ধ আইচিচিৰ সকলো ট্ৰফী লাভ কৰিছে। তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী। এইবাৰ ভাৰতীয় ক্ৰিকেটত ধোনীক ডাঙৰ দায়িত্ব অৰ্পণৰ প্ৰস্তাৱ দিয়া হৈছে। একাধিক খবৰ অনুসৰি ধোনীক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অল-ফৰ্মেট মেণ্টৰ হিচাপে দায়িত্ব অৰ্পণৰ প্ৰস্তাৱ দিছে।
বিগত সময়ত ধোনীয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক কিছু সময়ৰ বাবে মেণ্টৰিঙৰ দায়িত্ব চম্ভালিছিল। অৱশ্যে খবৰ অনুসৰি এইবাৰ ধোনীক বহুত ডাঙৰ দায়িত্ব অৰ্পণ কৰিব বিচৰা হৈছে।
সেই প্ৰতিবেদন অনুসৰি মহিলা ক্ৰিকেটাৰ আৰু যুৱসকলকো গ্ৰুমিং কৰি পৰৱৰ্তী প্ৰজন্মৰ তাৰকা হিচাপে গঢ়ি তোলাৰ দায়িত্ব ধোনীৰ ওপৰত থাকিব। এই ভূমিকাত ধোনী অতি ফলপ্ৰসূ হ’ব বুলি ব’ৰ্ডৰ বিশ্বাস। অৱশ্যে এই দায়িত্ব দিবলৈ ধোনীয়ে একেবাৰেই আগ্ৰহী নহয় বুলি খবৰ ওলাইছে। কিন্তু কাৰণ কি?
একেটা প্ৰতিবেদনতে দাবী কৰা হৈছে যে যেতিয়ালৈকে গৌতম গম্ভীৰ তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হৈ থাকে তেতিয়ালৈকে ধোনীয়ে এনে কোনো ভূমিকা গ্ৰহণ কৰিবলৈ অনিচ্ছুক।
দাবী কৰা হৈছে যে তেওঁলোকৰ খেলৰ কেৰিয়াৰত দুয়োৰে মাজত থকা মনোমালিন্যৰ বাবে ধোনীয়ে গম্ভীৰৰ সৈতে ভাগ কৰা যিকোনো ধৰণৰ দায়িত্ব ল’বলৈ অনিচ্ছুক। লগতে শুনা যায় যে ধোনীয়ে বৰ্তমান মেন্টৰ হোৱাতকৈ পৰৱৰ্তী আই পি এল ছিজনৰ বাবে নিজকে ফিট কৰি ৰখাৰ প্ৰতিহে বেছি আগ্ৰহী।
অৱশ্যে আই পি এল ২০২৬ত ধোনীৰ অংশগ্ৰহণ একেবাৰে নিশ্চিত নহয়। তেওঁ এইবাৰ বাৰে বাৰে যেতিয়া তেওঁৰ অৱসৰৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল, তেতিয়া তেওঁ কৈছিল যে আই পি এল খেলিব নে নাই সেইটো তেওঁ নহয়, কিন্তু তেওঁৰ শৰীৰে ল’ব। তেওঁৰ ফিটনেছ কেনেকুৱা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ পৰৱৰ্তী ছিজনত খেলিব নে নাই সেইটো সিদ্ধান্ত ল’ব।
কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াত ধোনীয়ে নিজৰ ফিটনেছৰ বিষয়ে কোৱা শুনা যায়, “ডাক্তৰে মোক কৈছে যে মই আগন্তুক পাঁচ বছৰলৈকে খেলি থাকিব পাৰিম, কিন্তু কেৱল চকুৰে। বাকী মোৰ শাৰীৰিক ফিটনেছক এতিয়াও প্ৰমানপত্ৰ দিয়া হোৱা নাই। আৰু মইতো চকুৰে ক্ৰিকেট খেলিব নোৱাৰিম।” অৰ্থাৎ বহু আগতে ৪০ বছৰৰ সীমা অতিক্ৰম কৰা ধোনীৰ পৰৱৰ্তী আই পি এলত অংশগ্ৰহণক লৈ অনিশ্চয়তা অব্যাহত আছে।