ভাৰতৰ হাই নেট ৱৰ্থ ইণ্ডিভিজুৱেল (HNI) অৰ্থাৎ উচ্চ বিত্তৱানৰ সংখ্যা দেশৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ। এই সকলোৰে বয়স ৩০ বছৰৰ তলত। পৰামৰ্শদাতা প্ৰতিষ্ঠান আনাৰ্ক প্ৰপাৰ্টি কনচালটেণ্টছৰ এক সমীক্ষাত ২০৩০ চনৰ ভিতৰত দেশত উচ্চ বিত্তৱান লোকৰ সংখ্যা ২৫ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।
সংস্থাটোৰ গৱেষণাৰ মতে প্ৰায় ২০ শতাংশ ভাৰতীয় কোটিপতিৰ বয়স ৪০ বছৰৰো কম। ২০২৪ চনত ভাৰতৰ সম্পদ প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। চীনৰ ক্ষেত্ৰত সেই বৃদ্ধিৰ হাৰ মাত্ৰ ২ শতাংশ।
প্ৰতিবেদন অনুসৰি নতুনকৈ ধনী হোৱা প্ৰায় ৩০ শতাংশই প্ৰযুক্তি, ষ্টাৰ্টআপ, ফিনটেকৰ জৰিয়তে নিজৰ সৌভাগ্য লাভ কৰিছিল। ইয়াৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইণ্ডিয়া পদক্ষেপেও যথেষ্ট অৰিহণা যোগাইছে।
প্ৰতিবেদন অনুসৰি ১৪ শতাংশ অতি ধনী লোকে ডুবাই, লণ্ডন, ছিংগাপুৰৰ দৰে বিদেশী চহৰত মাটি বা ঘৰ ক্ৰয় কৰিছে। দেশৰ ৩৭ শতাংশ ধনী লোকে ২০২৪ চনত লেমবৰ্গিনি, পৰ্ছে, ৰ’লছ ৰয়েচৰ দৰে দামী গাড়ী ক্ৰয় কৰিছে। অকল মনোৰঞ্জনৰ বাবে বছৰি ছয় কোটি টকা খৰচ কৰিছে অতি বিত্তবানসকলে।
এই ধনী লোকসকলে নিজৰ ধনৰ এক বৃহৎ অংশ ৰিয়েল এষ্টেটত বিনিয়োগ কৰিছে। কিছু অংশ ষ্টক মাৰ্কেটত, কিছু কৃত্ৰিম বুদ্ধিমত্তা আৰু ব্লকচেইনৰ দৰে প্ৰযুক্তিত, আৰু কিছু অংশ ক্ৰিপ্টোকাৰেন্সীত।
এই উচ্চ বিত্তবানসকলৰ কথা জানি হয়তো ধাৰণা হ’ব পাৰে যে ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ জীৱনৰ মানো বহু উন্নত হৈছে। কিন্তু বাস্তৱিকতে তেনে হোৱা নাই। বৰঞ্চ দেশৰ এক বৃহৎ অংশ এতিয়াও দৰিদ্ৰতাৰ কবলত। নিবনুৱা সমস্যাৰ ভয়াবহতা, মূল্যবৃদ্ধি, সুযোগৰ অভাৱ তথা বাণিজ্য ক্ষেত্ৰত প্ৰৱেশৰ জটিলতাই নৱ প্ৰজন্মৰ শিক্ষিত চামক অস্থিৰ কৰি ৰাখিছে।