NORTHEAST NOW (Assamese)

ড্ৰাগছ সংক্ৰান্তীয় WhatsApp চ্যাট গ্ৰুপৰ এডমিন আছিল দীপিকা পাডুকন; দাবী এন চি বিৰ

September 26, 2020 8:47 am · এন ই নাও নিউজ
দীপিকা পাডুকন।

বলীউদৰ ড্ৰাগছ কাণ্ডক লৈ নিত্য নতুন নতুন তথ্য পোহৰলৈ আহিছে। ড্ৰাগছক লৈ হোৱাটছএপৰ চ্যাট গ্ৰুপৰ এডমিন আছিল অভিনেত্ৰী দীপিকা পাডুকন।

এই সমগ্ৰ বিষয়টোৰ তদন্ত চলাই থকা নাৰক’টিকছ ব্যুৰো (এন চি বি)ৰ প্ৰতিবেদনত এনে চাঞ্চল্যকৰ দাবী কৰা হৈছে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত হৈ পৰা ড্ৰাগছ কাণ্ডৰ তদন্ত তীব্ৰতৰ কৰি তুলি এন চি বিৰ বিষয়াসকলে বলীউদৰ অভ্যন্তৰত চলি থকা ভয়ংকৰ ড্ৰাগছ চক্ৰৰ সন্ধানত নামি পৰিছে।

তদন্ত নমাৰ পাছত তদন্তকাৰী সংস্থাটোৰ হাতত এগৰাকীৰ পাছত আন এগৰাকী বলীউদ তাৰকাৰ নাম আহি পৰিছে আৰু এই চক্ৰৰ হাতোৰা লক্ষ্য কৰি বিষয়াসকল আচৰিত হৈ পৰিছে।

টাইমছ নাওৰ এক বাতৰি অনুসৰি এন চি বিৰ সূত্ৰ মতে যিটো হোৱাটছএপ চ্যাটৰ আঁত ধৰি শনিবাৰে অভিনেত্ৰীগৰাকীক মাতি পঠোৱা হৈছে, দীপিকা সেই গ্ৰুপটোৰ নিজেই এডমিন আছিল।

গ্ৰুপটোৰ আন এগৰাকী এডমিন আছিল জয়া সাহা। শুকুৰবাৰে এনচিবিৰ জেৰাত তেওঁ নিজেই এইকথা স্বীকাৰ কৰে।

ইতিমধ্যেই এন চিবিয়ে জেৰাৰ বাবে ছাৰা আলী খান, ৰাকুল প্ৰীত সিং, আৰু ছিমন খামবাট্টাক মাতি পঠোৱা হৈছে। এই সন্দৰ্ভত শ্ৰদ্ধা কাপুৰৰো নাম জড়িত হৈ পৰিছে।

যোৱা ১৪ জুনত বান্তাৰ ফ্লেটত সুশান্ত সিঙৰ ওলমি থকা মৃতদেহ উদ্ধাৰৰ পাছত এতিয়া ইডি আৰু চিবিআইয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

ইডিয়ে গোচৰটোৰ সৈতে ড্ৰাগছ চক্ৰৰ সম্পৰ্ক বিচাৰি পোৱাৰ পাছত এই বিষয়ত তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থা নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰোৱে।

সংস্থাটোৱে ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰাৰ পাছত বৰ্তমান তেওঁলোক কাৰাগাৰত আছে।

ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক জেৰা কৰাৰ পাছতেই তেওঁলোকে চক্ৰটোৰ সৈতে বলীউদৰ বহু তাৰকাৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰে।

Related News