NORTHEAST NOW (Assamese)

পৰীক্ষাৰ আগদিনাই NEET ৰ প্ৰশ্নকাকত পাইছিল বিহাৰৰ ২০ গৰাকী পৰীক্ষাৰ্থীয়ে; জেৰাত ওলাল জোলোঙাৰ মেকুৰী!

May 10, 2024 11:58 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতনিধিত্বমূলক ফটো।

পৰীক্ষাৰ আগদিনাই পাটনাত ২০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছিল NEET ৰ প্ৰশ্নকাকত। তদন্তৰ সৈতে জড়িত এগৰাকী শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি বিহাৰৰ বিভিন্ন প্ৰান্তৰ পৰা পাটনালৈ অনা হৈছিল শিক্ষাৰ্থীকেইজনক। ৰামকৃষ্ণনগৰৰ খেমনিচাক অঞ্চলৰ এটা ঘৰত (হোষ্টেল বুলিও ক’ব পাৰি) ৰখা হৈছিল। তাতেই তেওঁলোকৰ হাতত তুলি দিয়া হৈছিল অল ইণ্ডিয়া মেডিকেল প্ৰৱেশ পৰীক্ষাৰ (NEET-UG) প্ৰশ্নকাকত।

বিষয়াগৰাকীয়ে জনোৱা মতে, জেৰাৰ সময়ত ধৰা পৰা এজন ব্যক্তিয়ে প্ৰকাশ কৰে যে পৰীক্ষাৰ আগদিনাই ২০ জন পৰীক্ষাৰ্থীক সমষ্টিপুৰ জিলাৰ বাসিন্দা ছিকন্দৰ ইয়াদাভেন্দু নামৰ লোক এজনে NEET ৰ প্ৰশ্নকাকত প্ৰদান কৰিছিল। তদুপৰি, অভিযুক্তই জেৰাত দাবী কৰিছে যে তেওঁ কোন প্ৰশ্নৰ কি উত্তৰ হব সেয়াও দিছিল।

প্ৰতিবেদন অনুসৰি, জেৰাৰ সময়ত এই কথা কোৱা ব্যক্তিজনকো ৫ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেইদিনা NEETৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত চাৰিজন পৰীক্ষকসহ তেৰজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক জেৰা অব্যাহত আছে।

লগতে পঢ়কঃ ৰাজ্যৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থ; হাস্পাতালত ভৰ্তি

তদন্তৰ সৈতে জড়িত বিষয়াগৰাকীয়ে কয়, ‘সোধা-পোছাৰ সময়ত এজন অভিযুক্তই কয় যে ছিকন্দৰ ইয়াদাভেন্দুৱে পাটনা বাইপাছৰ সমীপত দুমহলীয়া ঘৰৰ দুই-তিনিটা কোঠা ভাড়া লৈছিল। ৫ মে’ত তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছিল।’

গোটেই ঘটনাটোৰ মাষ্টাৰমাইণ্ড সেই চিকন্দৰেনে? সেই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে একো অৱগত কৰা নাই। অৱশ্যে ছিকন্দৰ যে ‘ডাঙৰ মাছ’ আছিল তাত কোনো সন্দেহ নাই। প্ৰতিবেদনত এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে জেৰাৰ সময়ত অভিযুক্তই কয় যে নীট পৰীক্ষাৰ আগদিনা (৪ মে’) ছিকন্দৰে দুখন বাহনত ২০ জনতকৈ অধিক পৰীক্ষাৰ্থী আনিছিল। পিছত NEETৰ প্ৰশ্নকাকত আৰু উত্তৰ প্ৰাৰ্থীৰ হাতত অৰ্পণ কৰা হয়। যিখন বাহনত প্ৰাৰ্থীক অনা হৈছিল সেইখন ইতিমধ্যে জব্দ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন আৰক্ষী বিষয়াই কয় যে ছিকন্দৰে ভাড়াত লোৱা ঘৰটো খালী হৈ পৰি আছিল। কৰ’না মহামাৰীৰ আগতে তাত শিশুৰ বাবে এখন বিদ্যালয় আছিল। তাতেই নীট প্ৰাৰ্থীসকলক ৰখা হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, পৰীক্ষাৰ দিনা তেওঁলোকক তাৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল।

লগতে পঢ়কঃ বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী

উল্লেখ্য যে নীট পৰীক্ষাৰ দিনা ৰাজস্থানত সংঘটিত হোৱা এক ঘটনাৰ পাছত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ খাৰিজ কৰিছিল সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ আয়োজক নেশ্যনেল টেষ্টিং এজেন্সীয়ে। সংস্থাটোৰ জ্যেষ্ঠ সঞ্চালিকা সাধনা পৰাশৰে কৈছিল যে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। লগতে এন টি এৰ জ্যেষ্ঠ সঞ্চালকগৰাকীয়ে দাবী কৰিছিল যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা NEET প্ৰশ্নকাকতৰ ছবিবোৰৰ প্ৰকৃত প্ৰশ্নকাকতৰ সৈতে কোনো সাদৃশ্য নাই। 

Related News