• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেওঁৰ কামনাৰ বলি ১২০ গৰাকী কিশোৰী-যুৱতী-মহিলা! জেলতেই মৃত্যু ভণ্ড সাধু `জেলেবী বাবা’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 1:18 pm
জেলেবী বাবা' ওৰফে কুখ্যাত বাবা বিল্লু ৰাম। ফাইল ফটোঃ সংগ্ৰহীত।

জেলেবী বাবা' ওৰফে কুখ্যাত বাবা বিল্লু ৰাম। ফাইল ফটোঃ সংগ্ৰহীত।

10.9k
VIEWS
Share on FacebookShare on Twitter

‘জেলেবী বাবা’ ওৰফে কুখ্যাত বাবা বিল্লু ৰামৰ জীৱনৰ যৱনিকা ঘটিছে। কিছুমানৰ বাবে তেওঁ অমৰপুৰী নামেৰেও পৰিচিত আছিল। নিজকে ‘গডমেন’ বুলি দাবী কৰা বিল্লু ৰামে ১২০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁলোকক ব্লেকমেইল কৰি অশ্লীল ভিডিঅ’ বনাইছিল।

এই অপৰাধৰ বাবেই হাৰিয়ানাৰ হিছাৰ জেলত তেওঁ ১৪ বছৰ যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল। বিল্লু ৰাম আছিল কেন্দ্ৰীয় কাৰাগাৰ-২ত। যোৱা বুধবাৰে নিশা হঠাতে বুকুত বিষ অনুভৱ কৰিছিল। ইয়াৰ পিছতে জেল কৰ্তৃপক্ষই তেওঁক হাৰিয়ানাৰ মহাৰাজা আগৰসেন মেডিকেল কলেজলৈ লৈ যায়। জানিব পৰা মতে বিল্লু ৰামৰ হাৰ্ট এটেকত মৃত্যু হয়।

কোন এই জেলেবি বাবা? বিল্লু ৰামৰ ঘৰ পঞ্জাৱৰ মানছাত। টোহানাত বাস কৰিছিল। তেওঁ আগতে টোহানাত সৰু ঠেলা এখনত জেলেপি বিক্ৰী কৰিছিল কাৰণ ‘জেলেবী বাবা’ নামেৰে পৰিচিত হয়। কাৰণ তেওঁ জেলেপি বিক্ৰী বাদ দি বাবা হৈ টোহানাত এখন আশ্ৰম স্থাপন কৰিছিল।

লগতে পঢ়কঃ পৰীক্ষাৰ আগদিনাই NEET ৰ প্ৰশ্নকাকত পাইছিল বিহাৰৰ ২০ গৰাকী পৰীক্ষাৰ্থীয়ে; জেৰাত ওলাল জোলোঙাৰ মেকুৰী!

টোহানাৰ বাবা আছিল বালক নাথ মন্দিৰৰ মহন্ত। ১২০ গৰাকীৰো অধিক মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। জনা যায় যে তেওঁ মহিলাৰ চাহৰ লগত ড্ৰাগছ মিহলাই দুস্কাৰ্য সংঘটিত কৰিছিল।

বিল্লু ৰামে তন্ত্ৰ আৰু মন্ত্ৰৰ নামত নাৰীক নিচা কৰোৱাই তেওঁলোকৰ লগত জঘন্য কাম কৰিবলৈ তেওঁ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল। আনকি ধৰ্ষিতাসকলৰ ভিডিঅ’ও শ্বুট কৰিছিল। সেইবোৰ পিছত ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে। জেলেবী বাবাৰ আশ্ৰমত আৰক্ষীয়ে যথেষ্ট যৌন চিডিও উদ্ধাৰ কৰে।

২০১৮ চনত টোহানাৰ ফতেহাবাদ জিলাত শ্বুট কৰা এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰে। তাত দেখা যায় যে এই ভণ্ড বাবাই এগৰাকী নাৰীৰ লগত লজ্জাজনক কামত লিপ্ত হৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাইজে বাবাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। বাবাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃ বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী

২০২০ চনত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। আদালতত তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছিল মহিলা আৰু আৰক্ষী বিষয়াকে ধৰি প্ৰায় ২০ জন লোকে। বাবাৰ বিৰুদ্ধে থকা সকলো অভিযোগ ফাতেহাবাদ আদালতত প্ৰমাণিত হয়। ইয়াৰ পিছত আদালতে তেওঁক ১৪ বছৰৰ কাৰাদণ্ড আৰু ৩৫ হাজাৰ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। এই আশ্ৰমত আফিংও পোৱা যায়। এন ডি পি এছ আইনৰ অধীনতো ভণ্ড বাবাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd