বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

index.jpgb

আগন্তক বিধানসভা নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে বোকাখাত মহকুমা প্রশাসনে নির্বাচন সংক্রান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে।

বিধানসভা নির্বাচনৰ সু-পৰিচালনাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে বিভিন্ন কোষ গঠন কৰি প্ৰতিটো কোষকে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ নিদের্শ দিছে।

নির্বাচনী আয়োগে অসম বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ তাৰিখ নির্ধাৰণ কৰাৰ পাছতে শনিবাৰে বোকাখাত মহকুমাধিপতিৰ কার্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিপুল দাসৰ পৌৰহিত্যত সকলো ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত নির্বাচনী আচৰণ বিধি সম্পর্কত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

সভাত মহকুমাধিপতি তথা বোকাখাত জিলা নির্বাচনী বিষয়া বিপুল দাসে নির্বাচনী আয়োগে প্রনয়ন কৰা নির্বাচন সংক্রান্তীয় নীতি নির্দেশনাসমূহ, পোষ্টেল বেলট প্ৰক্ৰিয়া তথা ভোটদানৰ ক্ষেত্ৰত নির্বাচনী আয়োগে নিৰ্ধাৰণ কৰা কোভিড-১৯ৰ নির্দেশাৱলীসমূহ বিশদভাবে ব্যাখ্যা কৰে।

ইয়াৰ লগতে প্ৰতিটো ৰাজনৈতিক দলকে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰাত আৰক্ষী প্রশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

সভাত বোকাখাতৰ ৰাজহচক্র বিষয়া তথা বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণবিধি কোষৰ ভাৰপ্রাপ্ত বিষয়া মানসজ্যোতি নাথে আগন্তুক ২০২১ৰ বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণ বিধিসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।

ইয়াৰ লগতে নির্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে মহকুমা আৰক্ষী-প্রশাসনৰ লগতে নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়া আৰু বিভিন্ন ফ্লাইং স্কোৱার্ডসমূহ মহকুমাটোত সষ্টম হৈ থাকিব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।

সভাত নিৰ্বাচন সংক্ৰান্তীয় অভিযোগ দাখিলৰ বাবে উপলব্ধ চি ভিজিল এপ আৰু সুবিধা এপৰ ব্যৱহাৰৰ বিষয়েও সভাত আলোচনা কৰা হয়।

উক্ত সভাত নির্বাচনী বিষয়া নিতিশা বৰা আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাও উপস্থিত থাকে।