ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ

arnab-goswami-2342020m

মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে অৰ্ণৱক তেওঁৰ ঘৰৰ পৰা আজি ৰাতিপুৱা গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

এগৰাকী ৫৩ বছৰীয়া ইণ্টেৰিয়ৰ ডিজাইনাৰক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক।

অৰ্ণৱৰ প্ৰৰোচনাতে ২০১৮ চনত এই আত্মহত্যাৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে ধাৰা ৩০৬ৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰে।

আটক কৰাৰ সময়ত আৰক্ষীয়ে গোস্বামীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা বুলি অভিযোগ কৰে।

ৰিপাব্লিক টিভিয়ে অৰ্ণৱৰ ঘৰৰ লাইভ ফুটেজো দেখুৱাইছিল য’ত আৰক্ষী আৰু অৰ্ণৱৰ মাজত হতাহতি স্পষ্ট ৰূপত দেখা পোৱা যায়।

মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীৰ শহুৰ-শাহু, পুত্ৰ আৰু পত্নীক প্ৰচণ্ড আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

অৰ্ণৱে আন এক অভিযোগ উত্থাপন কৰি কয় যে তেওঁক পৰিয়ালৰ লোকৰ সৈতে কথা পাতিবলৈ নিদিলে আৰু ঔষধ সেৱন কৰাতো বাধা প্ৰদান কৰে।

এই ধৰণৰ হতাহতিৰ পিছতে মুম্বাই আৰক্ষীয়ে সাংবাদিক অৰ্ণৱ গোস্বামীক এখন গাড়ীত ভৰাই ৰায়গড় থানালৈ লৈ যায়।