নৰজিল বিল্ডাৰৰ মইমতালি: আবাসীৰ সপক্ষে RERA ৰ গুৰুত্বপূৰ্ণ ৰায়দান

বিল্ডাৰৰ মইমতালিৰ বিপক্ষে অভিযোগ দাখিল কৰি ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথ’ৰিটী, চমুকৈ RERA ৰ দ্বাৰা ন্যায় লাভ কৰিছে কামৰূপ মেট্ৰোৰ অন্তৰ্গত লংকেশ্বৰৰ MT ৰোডত অৱস্থিত বছেৰা ৰিট্ৰিট(Basera Retreat) নামৰ এক এপাৰ্টমেন্টৰ আবাসীসকলে।

বহুবছৰ ধৰি উক্ত এপাৰ্টমেন্টটোৰ আবাসীসকল বিল্ডাৰৰ মইমতালিৰ বাবে ভুক্তভোগী হৈ আছিল। এই এপাৰ্টমেন্টটো নিৰ্মাণ কৰিছিল মেৰ্চাছ প্ৰতীক ইনফাকম প্ৰাইভেট লিমিটেডে। কিন্তু এপাৰ্টমেন্টটোৰ নিৰ্মাণ সম্পূর্ণ নকৰাকৈয়ে বিল্ডাৰে আবাসীসকলক চমজাই দিছিল।

চুক্তিমতে কাম নকৰাৰ ফলস্বৰূপে এপাৰ্টমেন্টটো বসবাসৰ অনুপযোগী হৈ পৰে। আনকি অসম্পূর্ণ কামৰ পৰিপ্ৰেক্ষিতত ২০১৮ চনত এজন যুৱকৰ ছাদৰ পৰা পৰি অকাল মৃত্যুও হয়।

বহু ব্যক্তিগত আবেদন জনোৱাৰ পাছতো বিল্ডাৰে কোনো কাণসাৰ নিদিয়াত আবাসীসকলে ২০২২ চনৰ জুলাই মাহত RERA ত অভিযোগ দাখিল কৰে। সেইমৰ্মে RERA আদালতে অভিযোগসমূহৰ ওপৰত বিস্তৃত অনুসন্ধানৰ অন্তত আজি আবাসীসকলৰ সপক্ষে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

RERA আদালতে আজি ৰায় প্ৰদান কৰি অহা ষাঠী দিনৰ ভিতৰত আবাসীসকলৰ নায্য দাবীসমূহ সম্পূর্ণ কৰিবৰ কাৰণে কোম্পানীটোৰ স্বত্বাধিকাৰী সৰিতা আগৰৱালাক নিৰ্দেশ দিয়ে।

আবাসীসকলে এই ৰায়দানত উৎফুল্লিত হৈ পৰিছে আৰু RERA ওপৰত আস্থা প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।