পাক-ভাৰত সীমান্তৰ কাশ্মীৰত পাক সন্ত্ৰাসবাদীয়ে খন্দা সুৰংগ প্ৰায়ে উদ্ধাৰ হৈ থকাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ অসমতো পোৰহলৈ আহিছে তেনে এক সুৰংগৰ কথা।
অসমৰ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত অসম আৰক্ষীয়ে সন্ধান পাইছে এটা ২০০ মিটাৰ দীঘল সুৰংগৰ।
যোৱা ২৮ ডিচেম্বৰত কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষী থানাৰ অন্তেৰ্গত ছিলুৱাৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নিছিল দিলোৱাৰ হুছেইন নামৰ লোক জনক।
অপহৃত লোক জনৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে কৰিমগঞ্জ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ বালিয়া নামৰ অঞ্চলটোত কৰে সুৰংগটো।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে সাংবাদিকক জানিবলৈ দিয়া মতে অপহৃত দিলোৱাৰ হুছেইনৰ পৰিয়ালে অপহৰণ কাণ্ড সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
তেওঁ লগতে কয় যে অপহৃত হোৱাৰ পিছতে দিলোৱাৰ হুছেইনে বাংলাদেশৰ এটা ফোন নম্বৰৰ পৰা পৰিয়ালৰ লোকক ফোন কৰি তেওঁৰ মুক্তিপণ হিচাবে অপহৰণকাৰীয়ে ৫ লাখ বাংলাদেশী টাকা বিচৰা বুলি প্ৰকাশ কৰিছিল।
সেই ধন কৰিমগঞ্জৰ নয়াগ্ৰাম নিবাসী এলিমুদ্দিনৰ হাতত দিবলৈ কোৱা বুলিও তেওঁ পৰিয়ালক জনাইছিষ এয়াৰ পিছতে আৰক্ষীয়ে এলিমুদ্দিনক গ্ৰেপ্তাৰ কৰাত অপহৰণকাৰীয়ে দিলোৱাৰক এৰি দিছিল।
অপহৰণকাৰীৰ পৰা মুক্ত হৈ অহাৰ পিছতে দিলোৱাৰ হুছেইনে তেওঁক অপহৰণকাৰীয়ে এটা সুৰংগৰে বাংলাদেশলৈ নিয়াৰ কথা প্ৰকাশ কৰিছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ২০০ মিটাৰ দৈৰ্ঘ্যৰ সুৰংগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সুৰংগটো কোনে খান্দিছিল সেয়া অধিক তদন্তৰ পিছত স্পষ্ট হ’ব বুলি আৰক্ষী অধীক্ষক কুমাৰে প্ৰকাশ কৰিছে।