• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকট শব্দ! বিয়পিল আতংক, সদ্যহতে বন্ধ হৈ পৰিল উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকৰ উদ্ধাৰৰ কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 10:28 am
2.3k
VIEWS
Share on FacebookShare on Twitter

উত্তৰকাশীৰ ভঙা সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ কাম বন্ধ হৈ পৰিছে। শুকুৰবাৰে বিয়লি উদ্ধাৰকাৰীয়ে এক্সকেভেটৰেৰে সুৰংগটোৰ মুখত আবদ্ধ হৈ থকা শিলবোৰ আঁতৰাই নিয়াৰ সময়ত এটা জোৰকৈ ফাট মেলাৰ শব্দ শুনিবলৈ পায়। তেতিয়াৰ পৰাই উদ্ধাৰ অভিযান বন্ধ হৈ পৰিছে।

উদ্ধাৰকাৰীৰ মতে সুৰংগটোৰ ভিতৰত আন এক ধ্বংস সংঘটিত হৈছে। উদ্ধাৰৰ কাম অব্যাহত থাকিলে আৰু অধিক ধ্বংস হোৱাৰ আশংকাও কৰা হৈছে। এই পৰিস্থিতিত শ্ৰমিকসকলক কেনেদৰে উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে সিদ্ধান্ত ল’বলৈ বিশেষজ্ঞৰ এখন বৈঠক আহ্বান কৰা হৈছে। ইয়াৰ উপৰিও প্ৰশাসনিক বিষয়াসকলেও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এখন বৈঠকত বহিব।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে এক বিবৃতিত কয় যে, ‘শুকুৰবাৰে দুপৰীয়া প্ৰায় ২:৪৫ বজাত উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰকাৰী দল আৰু বিষয়াসকলে জোৰেৰে ফাট মেলাৰ শব্দ শুনা পায়। সুৰংগটোত থকা উদ্ধাৰকাৰী দলৰ মাজত আতংক বিয়পি পৰে। সুৰংগটোত আৰু অধিক খহনীয়া হোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি সদ্যহতে উদ্ধাৰৰ কাম বন্ধ কৰি দিয়া হৈছে।”

লগতে পঢ়কঃ ODI World Cup 2023: ফাইনেলৰ পিটচ কেনেকুৱা? ভালদৰে চাই ল’লে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই

ভাঙি পৰা সুৰংগটোৰ এটা শিল কাটি তিনি ফুটতকৈও কম দীঘল পাইপ সুমুৱাই শ্ৰমিকক উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছিল। NHIDCL-য়ে কয় যে সদ্যহতে সেই কামো বন্ধ কৰা হৈছে। প্ৰশাসনৰ মতে, শ্ৰমিকক উদ্ধাৰৰ বাবে ৬০ মিটাৰ ফুটা কৰিব লাগিব। ইয়াৰ পিছত সেই গাঁতটোত ৮০০ আৰু ৯০০ মিলিমিটাৰ ব্যাসৰ পাইপ এটা সুমুৱাই দিয়া হ’ব আৰু তাৰ মাজেৰে শ্ৰমিকসকলক অনা হ’ব। কিন্তু ফাট মেলাৰ শব্দৰ পিছৰে পৰা সেই কাম বন্ধ হৈ গৈছে। কঠিন শিলৰ বাবে এক্সকেভেটৰো ক্ষতিগ্ৰস্ত হয়।

উত্তৰাখণ্ড চৰকাৰেও শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ থাইলেণ্ড আৰু নৰৱেৰ দুটা সংগঠনক আহ্বান জনাইছিল। ২০১৮ চনৰ জুন মাহত থাইলেণ্ডৰ বানপানীৰ ফলত ১২ জন যুৱ ফুটবলাৰ আৰু তেওঁলোকৰ প্ৰশিক্ষক গুহাত আবদ্ধ হৈ পৰিছিল। অতি প্ৰতিকূল পৰিস্থিতিত তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে সমগ্ৰ বিশ্বতে থাইলেণ্ডৰ উদ্ধাৰ সংস্থাটোৱে প্ৰশংসা লাভ কৰিছিল। এইবাৰ সেই সংগঠনৰ অভিজ্ঞতা উত্তৰাখণ্ডত ব্যৱহাৰ কৰাৰ চেষ্টা চলোৱা হৈছে।

লগতে পঢ়কঃ পাণ-গুডখা খোৱা সকল অশিক্ষিত আৰু নিৰ্বোধ : পুৰীৰ জগন্নাথ মন্দিৰত নিষিদ্ধ হ’ল পাণ-গুডখা

শুকুৰবাৰৰ ভিতৰত উদ্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল। কিন্তু স্থানত নতুনকৈ ফাট মেলাত ইয়াক লৈ সন্দেহৰ সৃষ্টি হৈছে। উত্তৰকাশীৰ সুৰংগত ১৬৫ জন উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাই আছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ বাহিনী, ভাৰত-তিব্বত আৰক্ষী আৰু সীমান্ত পথ বাহিনীও আছে। ভাঙি পৰা সুৰংগটোত আবদ্ধ হৈ আছে পশ্চিম বংগৰ তিনি শ্ৰমিক।

ইতিমধ্যে ১৪৮ ঘন্টা পাৰ হৈ গ’ল। উত্তৰকাশীৰ ভঙা সুৰংগটোত এতিয়াও আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলকিয়াৰা আৰু দোণ্ডলাহগাঁৱৰ মাজত যোৱা দেওবাৰে পুৱা চাৰে চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণাধীন সুৰংগটোৰ এটা অংশ ভাঙি পৰে। ইয়াৰ বাবেই সেই সুৰংগটোত আবদ্ধ হৈ পৰিল ৪০ জন শ্ৰমিক।

লগতে পঢ়কঃ আত্মশ্লাঘা! ফাইনেলত অষ্ট্ৰেলিয়া ৪৫০/২, ভাৰত ৬৫ৰানত অল আউট; ভৱিষ্যদ্বাণী মিচেল মাৰ্ছৰ

অৱশ্যে তেওঁলোকক সুস্থ কৰি ৰখাৰ চেষ্টাত কোনো ত্ৰুটি কৰা নাই উদ্ধাৰকাৰীয়ে। সুৰংগটোত খাদ্য, ঔষধকে ধৰি দৈনিক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে। আৱদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ মনোবল অক্ষত ৰাখিবলৈ নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে। এই সকলোবোৰৰ মাজতো উদ্ধাৰ কামৰ প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাৰ লগে লগে শ্ৰমিকসকলৰ সুৰক্ষাকলৈ সংশয় বাঢ়িছে।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd