NORTHEAST NOW (Assamese)

মানুহৰ মগজুকলৈ বিজ্ঞানীৰ নিৰন্তৰ গৱেষণা, লাভ কৰিছে বহু নতুন তথ্য

August 28, 2022 8:20 am · এন ই নাও নিউজ,গুৱাহাটী

কেৱল মানুহেই নহয়, আন জীৱ-জন্তু বোৰেও মগজুৰ জৰিয়তেই বিভিন্ন প্ৰকাৰে পৰিচালিত হৈ আহিছে। বিশেষকৈ মানুহৰ ক্ষেত্ৰত মগজুৱে দিয়া নিৰ্দেশ শৰীৰৰ আন অংগসমূহে মানি চলি শৰীৰটোক নিয়াৰিকৈ পৰিচালিত কৰে। মগজুটোৰ বিন্যাস অতি জটিল।

মানুহৰ মগজুকলৈ সেয়ে বিজ্ঞানীসকলৰ মাজত নিৰন্তৰ গৱেষণা অব্যাহত আছে। এই খিনিতে বিজ্ঞানীসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে মানুহৰ মগজুক আন স্তন্যপায়ী প্ৰাণীৰ মগজুতকৈ কিহে পৃথক কৰিছে? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই আমেৰিকাৰএদল বিজ্ঞানীয়ে গৱেষণা চলাইছিল। গৱেষকৰ দলটোৱে চাৰিটা প্ৰাইমেট প্ৰজাতিৰ প্ৰিফ্ৰণ্টাল কৰ্টেক্সত কোষৰ প্ৰকাৰৰ বিশ্লেষণ কৰি বহু তথ্য লাভ কৰিছে।

গৱেষকসকলৰ মতে আন প্ৰাণীৰ তুলনাত যিটোৱে আমাক মানুহ কৰি তোলে তেনে পদৰ্থ আমাৰ মগজুত সৃষ্টি হয়। এনে পদাৰ্থই নিউৰোচাইকেট্ৰিক ৰোগৰ প্ৰতি সংবেদনশীল কৰি তুলিব পাৰে।

একক কোষ আৰএনএ-চিকুৱেঞ্চিং কৌশল ব্যৱহাৰ কৰি তেওঁলোকে প্ৰাপ্তবয়স্ক মানুহ, চিম্পাঞ্জি, মেকাক আৰু মাৰ্মোছেট বান্দৰৰ ডিএলপিএফচিৰ পৰা সংগ্ৰহ কৰিছিল। কেইবা হাজাৰ কোষত জিনৰ অভিব্যক্তিৰ স্তৰ প্ৰফাইল কৰিছিল।” জেনেটিক্স আৰু মনোৰোগ বিজ্ঞানৰ অধ্যাপক য়েলৰ হাৰ্ভে আৰু কেট কুছিং অধ্যাপক নেনাদ চেষ্টানে কয় যে তেনে কেতবোৰ পদাৰ্থই মানুহৰ চেতনা শক্তি বৃদ্ধি কৰে।

মানুহৰ মগজুত থকা এক প্ৰকাৰৰ মাইক্ৰ’গ্লিয়া, বা মগজুৰ নিৰ্দিষ্ট ৰোগ প্ৰতিৰোধ কোষ, যি কেৱল মানুহৰ ক্ষেত্ৰত থাকে সেয়াই মানুহক আন প্ৰাণীৰ পৰা পৃথক কৰে।

মানুহৰ মগজুত পোৱা মাইক্ৰ’গ্লিয়াৰ প্ৰকাৰে পৰিৱেশৰ প্ৰতি ৰোগ প্ৰতিৰোধ সঁহাৰিক প্ৰতিনিধিত্ব কৰিব পাৰে বুলিও তেওঁলোকে কয়।। মাইক্ৰ’গ্লিয়াত জিনৰ বিশ্লেষণে আন এটা পদাৰ্থৰ কথা প্ৰকাশ কৰিছিল – সেয়া হৈছে ফক্সপি২ জিনৰ উপস্থিতি। অধ্যয়নে এইটোও দেখুৱাইছে যে ফক্সপি২ অন্যান্য নিউৰোচাইকেট্ৰিক ৰোগৰ সৈতে সম্পৰ্কিত, যেনে অটিজম, স্কিজোফ্ৰেনিয়া, আৰু মৃগীৰোগ। চেষ্টান আৰু সহকৰ্মীসকলে দেখিলে যে এই জিনটোৱে মাইক্ৰ’গ্লিয়াত ক্ৰিয়া কৰে।

Related News