প্ৰথমবাৰৰ বাবে মহিলাই শুৱাব অসম আৰক্ষীৰ ডি আই জি আসন

Reshuffle in Assam Police, Violet Baruah becomes the first woman DIG

ভায়’লেট বৰুৱা।

প্ৰথম মহিলাৰূপে অসম আৰক্ষীৰ ডি আই জি আসন শুৱাব আই পি এচ বিষয়া ভায়’লেট বৰুৱাই।

নগাঁৱৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বেটেলিয়নৰ কমান্দেন্ত হিচাপে কৰ্মৰত বৰুৱাক দিলীপ কুমাৰ দে’ৰ ঠাইত বিশেষ শাখাৰ ডি আই জিৰূপে নিযুক্তি দিয়া হৈছে।

বৰুৱাৰ লগতে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ শুকুৰবাৰে সাল-সলনি কৰা হৈছে।

দিলীপ কুমাৰ দে’ক ডি আই জি (চি আৰ)ৰূপে ডিফুলৈ বদলি কৰা হৈছে। ডি আই জি (চি আৰ)ৰূপে ডিফুত কৰ্মৰত প্ৰশান্ত ভূঞাক তিনিচুকীয়ালৈ ডি আই জি (এন ই আৰ)ৰূপে বদলি কৰা হৈছে।

অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসন)ৰূপে কৰ্মৰত অৰৱিন্দ কলিতাক ডি আই জি (এল এন্দ অ’) হিচাপে পদোন্নতীসহ নিযুক্তি দিয়া হৈছে।

তাৰোপৰি যোৱা ১১ জানুৱাৰিৰ চৰকাৰী জাননী (HMA 922/ 2015/ 107-D)ৰ সামান্য সংশোধনীৰে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ আয়ুক্ত (অপৰাধ) লুইচ আনন্দক ডি আই জি (নিৰাপত্তা)ৰূপে পদোন্নতিসহ নিযুক্তি দিয়া হৈছে।