৫০ দিন সূৰ্য্য নেদেখে এই চহৰৰ বাসিন্দাই : শীত আৰু এন্ধাৰে আৱৰা এই চহৰৰ নাম কি?

মাত্ৰ ৭০ হাজাৰ জনসংখ্যা থকা ইউৰোপৰ এখন চহৰ। এই চহৰখন পৃথিৱীৰ এখন আচৰিত চহৰ। ৫০ দিনলৈকে সূৰ্য উদয় নহয় এই চহৰত। ৫০ দিন ৰাতিয়েই হৈ থাকে এই চহৰত। আন্ধাৰৰ বাবে সংঘটিত হয় বহু দুৰ্ঘটনা। এই চহৰত সাংঘাটিক দাম প্ৰতিটো সামগ্ৰীৰ। চহৰখনৰ নাম নৰৱে। 

৫০ দিন পোহৰ অবিহনে কেনেকৈ থাকে নৰৱেবাসী ? নৰৱেত সূৰ্যৰ পোহৰৰ অভাৱ পূৰণ কৰে এল ই ডি লাইটে।
এই চহৰখনৰ আনটো বিশেষত্ব হ’ল যে ইয়াৰ চাৰিওফালে ওখ ওখ পাহাৰেৰে আগুৰি আছে। মাজতে এখন সাগৰ। আকাশত থকা অৰোৰা (প্ৰাকৃতিক ৰঙৰ পোহৰ) আৰু দুয়োফালে বসতি – এক চাবলগীয়া দৃশ্য।

ইয়াত যেতিয়া সূৰ্য্য উদয় নোহোৱাৰ সময় আহে তেতিয়া মানুহে আগতীয়াকৈ ভিটামিন ডি, ভিটামিন চি আৰু ওমেগা বি ১২ৰ পৰিপূৰক সংগ্ৰহ কৰে, যাতে শৰীৰত অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱ নহয়।
ইয়াৰ মানুহে বৰফৰ ওপৰত পিছলি নপৰাকৈ স্পাইক ব্যৱহাৰ কৰে। নৰৱেত মানুহে বাহিৰলৈ ওলাই গ’লে বাহুত ৰেট্ৰ’ ৰিফ্লেক্টৰ পিন্ধে। লাইট জ্বলোৱাৰ লগে লগে ই জিলিকিবলৈ আৰম্ভ কৰে। এনেকৈ দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা কৰা হয়।
শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, বৰফেই পৰক বা বৰষুণেই হওক… ইয়াত স্কুল-কলেজ আৰু অফিচৰ সময় সলনি নহয়। ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া প্ৰায় ৪ বজালৈকে সকলো খোলা থাকে।

নৰৱেত মানুহ বৰ সুখেৰে জীয়াই থাকে। টকাৰ কথাও তেওঁলোকে নাভাবে। তেওঁলোকে সঞ্চয় নকৰে কাৰণ তেওঁলোকৰ পঢ়া-শুনা আৰু চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰে। চালক আৰু চাফাই কৰ্মীৰ দৰে কাম কৰা সকলেও প্ৰতিমাহে ডেৰ-দুই-তিনি লাখ টকা উপাৰ্জন কৰে।

এই চহৰত বিভিন্ন ভাষাৰ ছবি প্ৰদৰ্শন কৰা হয়। শেহতীয়াকৈ লাল সিং চাধা আৰু আৰ আৰ আৰকো নৰৱেৰ চিনেমা হলত দেখিবলৈ পোৱা গৈছিল।

ইয়াত অপৰাধ তেনেকৈ নগণ্য। এই চহৰত আপোনাৰ পাৰ্চটো কেনেবাকৈ পৰি গলে মানুহে উঠাই ঘূৰাই দিয়ে। ইয়াত নগদ ধনৰ কোনো হেঁচা নাই, সকলো ডিজিটেল। হিংসা বহু দূৰত, মানুহে চিঞৰ-বাখৰো নকৰে। এই চহৰৰ বেছিভাগ মানুহৰে অ’ডি, মাৰ্চিডিজ, টেছলাৰ দৰে বিলাসী গাড়ী আছে।