NORTHEAST NOW (Assamese)

এফালে দেশত কোভিড১৯ ঢৌ, আনফালে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগৰ ঢৌ

April 27, 2021 6:47 pm · এন ই নাও নিউজ
Updated: April 27, 2021 6:54 pm

দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ দাবীৰে সৰৱ হৈছে চ’ছিয়েল মিডিয়া।

দেশৰ এই কোভিড পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জগৰীয়া কৰি নিজৰ ক্ষোভ ব্যক্ত কৰি নেটিজেনসকলে সোমবাৰে টুইটাৰত পদত্যাগৰ দাবী তুলি #Resign_PM_Modi অভিযান চলাইছে।

এই অভিযানৰ দ্বিতীয় দিনা অৰ্থাৎ মংলগবাৰে টুইটাৰত #Resign_PM_Modiএ ট্ৰেণ্ডিঙত থকা দেখা গৈছে।

টুইটাৰ ইউজাৰসকলে কোভিড সংক্ৰমণৰ মাজতে কুম্ভমেলা আয়োজন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে।

“সকলোবোৰৰ উৰ্ধলৈ গৈ এইটো মানি লোৱা উচিত যে কুম্ভমেলা আৰু নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰি তেওঁ কিছুমান ভুল কৰিছে।….” এগৰাকী ইউজাৰে এইদৰে মন্তব্য কৰিছে।

বহু ইউজাৰৰ মতে কোভিড-১৯ৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কুম্ভমেলা আৰু নিৰ্বাচনী ৰেলীৰ দৰে গণ সমাৱেশৰ অনুমতি দিব নালাগিছিল।

উল্লেখ্য যোৱা ২৪ ঘণ্টাত দেশত ৩,২৩,১৪৪ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

Related News