বিক্ৰমৰ যাদুৰ বাকচত বন্দী আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল

এইবাৰৰ ফলাফল অসমৰ জনসাধাৰণে ভাবি থকাৰ দৰে নহয় - বিক্ৰম তালুকদাৰ

IMG-20190514-WA0036

অসমৰ যাদু সম্ৰাট বিক্ৰম

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত যাদুৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ সঠিক ভবিষৎবাণী কৰিছিল যাদুৰ সম্ৰাট বিক্ৰম তালুকদাৰে। সেই ভৱিষৎবাণী এশ শতাংশই শুদ্ধ প্ৰমাণিত হোৱাৰ পাছত এইবাৰ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল সম্বন্ধে পুনৰ ভৱিষৎবাণী কৰিছে অসমৰ যাদু সম্ৰাটগৰাকীয়ে।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এখন সভাত যাদু সম্ৰাট বিক্ৰমে এটা বাকচৰ ভিতৰত ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৰাজহুৱা ভাবে বন্দী কৰে।

বিক্ৰমে নিৰ্বাচনৰ ফলাফল বন্ধ কৰি থোৱা বাকচত সাতটা তলা আছে। বাকচটোত থকা সাতটা তলা অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক আৰু বিষয়ববীয়া লোকে বন্ধ কৰে।

উল্লেখযোগ্য যে, উক্ত বাকচটো ২৪ মে’লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ জিম্মাত ৰখা হ’ব। নিৰ্বাচনৰ ভোট গণনাৰ পাছদিনা অৰ্থাৎ ২৪ মে’ত বিক্ৰমৰ বাকচটোৰ তলা খোলা হ’ব। বাকচটোৰ ভিতৰত থকা দলিলত কোনটো দলে কিমান আসন পাব সেই বিষয়ে উল্লেখ কৰিছে। অসমৰ সৰ্বাধিক ভোটলাভ কৰা প্ৰাৰ্থীগৰাকীৰ নামো তাত উল্লেখ থাকিব বুলি বিক্ৰমে কয়।

যাদু সম্ৰাট বিক্ৰমৰ বিশ্বাস ‘’২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দৰে এইবাৰৰ ফলাফলো এশ শতাংশই শুদ্ধ হ’ব’’।

তদুপৰি অনুষ্ঠানত বিক্ৰমে চলিত নিৰ্বাচনৰ ফলাফল মানুহে ভাবি থকাৰ দৰে নহয়, মানুহে ভাবি থকাতকৈ অলপ বেলেগ ধৰণৰ হ’ব বুলি মন্তব্য কৰে।

আনহাতে, নিৰ্বাচনৰ এই ভৱিষৎবাণীৰ কাৰণে বিক্ৰমে সমষ্টিসমূহৰ প্ৰাৰ্থীৰ লগতে ভোটাৰসকল আৰু বিশিষ্ট ব্যক্তি সকলক লগ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে বুলি মন্তব্য কৰে ।

বিগত লোকসভা নিৰ্বাচনত কেবল অসমৰ ফলাফলহে বিক্ৰমে যাদুৰ বাকচত আবদ্ধ কৰিছিল যদিও এইবাৰ উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰো ফলাফলো যাদুৰ বাকচত বন্দী হৈছে বুলি জানিবলৈ দিয়ে বিক্ৰমে।