মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল : মেট্ৰিকৰ শীৰ্ষস্থানত লখিমপুৰৰ মেঘাশ্ৰী বৰা

গুৱাহাটী মহানগৰীৰ মাত্ৰ ৪গৰাকীৰহে স্থান লাভ; হতাশ কৰিলে চৰকাৰী বিদ্যালয়ে

আজি ঘোষিত ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান লাভৰ কৃতিত্ব আৰ্জিছে লখিমপুৰৰ মেঘাশ্ৰী বৰাই। ৫৯৪ নম্বৰ পোৱা মেঘাশ্ৰী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী।

শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰা মুঠ ৩৯জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত গুৱাহাটীৰ ছেণ্ট মেৰিজৰ ৩গৰাকী আৰু অসম জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ বাদে গুৱাহাটী মহানগৰীৰ বিদ্যালয়বোৰৰ আন কোনেও স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

শীৰ্ষস্থান দখল কৰাৰ ক্ষেত্ৰত জিলা হিচাপত নগাওঁ জিলাৰ সৰ্বাধিক ৮ জন ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থানকেইটাৰ ভিতৰত থাকিবলৈ সক্ষম হয়, ৫জন ছাত্ৰ-ছাত্ৰীৰে দ্বিতীয় স্থানত থাকে কামৰূপ গ্ৰাম্য জিলা। লখিমপুৰ, বৰপেটা আৰু গুৱাহাটী মহানগৰ জিলাৰ প্ৰত্যেকৰে ৪জনকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান পায়। ৩জনে স্থান পায় নলবাৰী জিলাৰ পৰা। এই ক্ষেত্ৰত চৰকাৰী বিদ্যালয়ৰ প্ৰদৰ্শন পুতৌজনক বুলিব পাৰি।

এইবাৰ উত্তীৰ্ণৰ সামগ্ৰিক হাৰ আগৰ বছৰতকৈ সামান্য বেছি হৈ ৬০.২৩ শতাংশ হয় (বিগত বছৰত ৫৬.০৪ শতাংশ আছিল। ২০১৭ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশ )। বিগত বছৰৰ দৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰীতকৈ সামান্য বেছি। ছাত্ৰৰ হাৰ ৬২.৬৯ আৰু ছাত্ৰীৰ হাৰ ৫৭.৯৯ শতাংশ।

সফলতাৰ হাৰ চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত চকুত পৰাকৈ উন্নত। একেদৰে নগৰ-মহানগৰতকৈ মফচলীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অধিক ভাল ফল প্ৰদৰ্শন কৰে।

পৰীক্ষাটোত অৱতীৰ্ণ হ’বৰ বাবে আৱেদন কৰা শিক্ষাৰ্থীৰ সংখ্যা ৩,৪২,৬৯১ গৰাকী আছিল যদিও প্ৰকৃততে অৱতীৰ্ণ হৈছিল ৩৩৬২০৩গৰাকী। ইয়াৰে মুঠ ৩৯৬গৰাকী পৰীক্ষাৰ্থী বহিষ্কৃত হয় আৰু ১০জনৰ পৰীক্ষাৰ ফল বিভিন্ন কাৰণত বন্ধ ৰখা হৈছে। উত্তীৰ্ণৰ মুঠ সংখ্যা ২০২৫০৮গৰাকী।

হাই মাদ্ৰাছাৰ শীৰ্ষত গোৱালপাৰাৰ ছেলিম আহমেদ

আনহাতে হাই মাদ্ৰাছাৰ পৰীক্ষাত প্ৰথম তিনিটা শীৰ্ষস্থান লাভ কৰিছে ক্ৰমে গোৱালপাৰাৰ ছেলিম আহমেদ (৫৬১), দৰঙৰ আব্দুল আজিজ (৫৫৩) আৰু গোৱালপাৰাৰ ইলিয়াছ আলীয়ে (৫৪৭)।

মুঠ অৱতীৰ্ণ ৯১২৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় ৫৩১০গৰাকী। উত্তীৰ্ণৰ হাৰ ৫৮.১৮ শতাংশ। ছাত্ৰৰ হাৰ ছাত্ৰীৰ হাৰতকৈ সামান্য বেছি। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬০.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪১ শতাংশ।