চুমিলা ৰংহাংপীৰ হত্যাকাণ্ড : ৰাজ্যৰ শিশু শ্ৰমিকক উদ্ধাৰ কৰি শিক্ষা আৰু সংস্থাপন নিশ্চিত কৰক

'কেপিটাল ৰিডিং চাৰ্কোল অসম'ৰ উদ্যোগত চৰকাৰলৈ ৰাজ্যৰ বিশিষ্ট ব্যক্তিসহ অৰ্ধশতাধিক লোকৰ স্বাক্ষৰ সম্বলিত ৰাজহুৱা দাবী পত্ৰ

Sumila

ফ'টো সৌজন্য- সামাজিক মাধ্যম

চুমিলা ৰংহাংপী হত্যাকাণ্ডই ৰাজ্যৰ বিবেকৱান মানুহৰ মাজত তীব্ৰ জোঁকাৰণি সৃষ্টি কৰাৰ সময়তে কেপিটাল ৰিডিং চাৰ্কোল, অসমৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় অৰ্ধাশতাধিক লোকৰ স্বাক্ষৰ সম্বলিত এক দাবী পত্ৰত চৰকাৰলৈ কেতবোৰ গুৰুত্ব পূৰ্ণ দাবী উত্থাপন কৰা হৈছে।

দাবী পত্ৰখনত কোৱা হৈছে যে, যোৱা ২২ এপ্ৰিল তাৰিখে ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰত উদ্ধাৰ হয় বাৰ বছৰীয়া চুমিলা ৰংহাংপীৰ অগ্নিদগ্ধ মৃতদেহ। হত্যাৰ অভিযোগত প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নমণি বৰঠাকুৰ বৰ্তমান আটকাধীন; যৌন উৎপীড়ণৰ অভিযোগো এই দুজনৰ বিৰুদ্ধে উত্থাপিত হৈছে। এক বীভৎস হত্যাৰ অপৰাধ হিচাপে ঘটনাটো সংবাদ-মাধ্যমত উত্থাপিত হৈছে।

কিন্তু সামাজিক শোষণ-বঞ্চনা আৰু অপৰাধৰ দিশটো অসমৰ বৌদ্ধিক, নাগৰিক সমাজ, সংবাদ-মাধ্যমেই হওক বা আইনী কাঠামোৱেই হওক গুৰুত্বসহকাৰে লোৱা নাই বুলি উল্লেখ কৰি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন কৰা হৈছে দাবী পত্ৰখনত।

পত্ৰখনত প্ৰশ্ন কৰা হৈছে, কেনে আৰ্থ-সামাজিক ব্যৱস্থাত উচ্চবৰ্ণীয় বৰঠাকুৰ পৰিয়ালে কাৰ্বি জনগোষ্ঠীৰ চুমিলা ৰংহাংপীৰ পিতৃ-মাতৃক জীয়াৰীৰ বাবে প্ৰাথমিক শিক্ষাদানৰ ভুৱা প্ৰতিশ্ৰুতি দিব পাৰে আৰু শিশু শ্ৰমিক হিচাপে শোষণ চলাব পাৰে?  কি আৰ্থ-সামাজিক পৰিস্থিতিত অসমৰ প্ৰান্তীয় জনজাতীয় সমাজ, চাহ জনগোষ্ঠীৰ সমাজৰ হেজাৰ হেজাৰ শিশুৱে অনুৰূপ বাস্তৱতাৰ মুখামুখি হ’বলগীয়া হয়?

চুমিলা ৰংহাংপীৰ ঘটনাটো এনে এক সামাজিক বাস্তৱতাৰ পৰিপ্ৰেক্ষিততেই সংঘটিত হৈছে য’ত আমাৰ সমাজৰ সামন্তীয়, বৰ্ণবাদী, পুৰুষতান্ত্ৰিক সামাজিক সম্পৰ্কবোৰ আজিও শেষ হৈ যোৱা নাই; বৰঞ্চ ই নতুন নতুন ৰূপত প্ৰকট হৈ গৈ আছে বুলিও প্ৰকাশ কৰিছে তেওঁলোকে।

তেওঁলোকলে লগতে উল্লেখ কৰিছে গোটেই সামাজিক কাঠামোত এতিয়াও উচ্চ-বৰ্ণীয়, উচ্চ-বৰ্গীয় আৰু পুৰুষতান্ত্ৰিক অংশৰ প্ৰভুত্বকামী সামাজিক অৱস্থান বৰ্তি আছে। ৰাজনৈতিক স্বায়ত্ব-শাসন আৰু সামাজিক-অৰ্থনৈতিক উত্তৰণৰ সাংবিধানিক-আইনী কাঠামোৱেও সমাজৰ প্ৰান্তীয় বৰ্গৰ মৰ্যদাপূৰ্ণ সামূহিক উত্তৰণৰ বাটত থকা আধিপত্যকামী শক্তিৰ হেঙাৰ সম্পূৰ্ণৰূপে ওফৰাব পৰা নাই। বৰং আধিপত্যকামী শক্তিবোৰে উদ্দেশ্যপ্ৰণোদিতভাৱে বিভিন্ন উচ্চ-বৰ্ণীয় বাগ্‌ধাৰা টানি আনি সমাজৰ প্ৰান্তীয় বৰ্গৰ মানুহৰ ৰাজনৈতক স্ব-শাসনৰ সংগ্ৰামী ইতিহাসকেই নস্যাৎ কৰিবলৈ উঠি-পৰি লাগে।

লগতে কয়, এই কথাও উল্লেখ কৰিব লাগিব যে অসমত দ্ৰুত হাৰত বৃদ্ধি পোৱা লিংগবৈষম্যভিত্তিক অপৰাধ, যৌন হিংসাৰ ঘটনাবোৰে সাৰ্বজনীন পুৰুষতান্ত্ৰিক নিস্পেষণৰ সামাজিক বাস্তৱতা প্ৰতিফলিত কৰিছে। কেনেধৰণৰ সামাজিক বাগধাৰা, শ্ৰেণী-বৰ্ণকেন্দ্ৰিক কাঠামো, আৰ্থ-সামাজিক কাৰকৰ প্ৰভাৱৰ মাজেৰে এক নিস্পেষণমূলক পৌৰুষে সামাজিকভাৱে লালিত-পালিত হৈছে? এনেবোৰ দিশ গুৰুত্বসহকাৰে গ্ৰহণ নকৰাটোৱে সামাজিক স্তৰৰ পৰা ৰাজনৈতিক স্তৰলৈ বিৰজিত একৰকমৰ আপোচমূলক সহযোগিতাৰ উমান দিয়ে।

আৰু কোৱা হৈছে, পৰিতাপেৰে এই কথাও উল্লেখ কৰিব লগা হৈছে যে, বৰ্তমানৰ ঘটনাটোৰ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটিত হত্যা কৰা কিশোৰীগৰাকীৰ নাম পৰ্যন্ত ভুলকৈ পঞ্জীয়ন কৰা হৈছে। চুমিলা ৰংহাংপী নামটো সোণালী ৰংহাংপী বুলি লিপিৱদ্ধ কৰি খোদ চৰকাৰী ব্যৱস্থাটোৱে এক বৰ্ণবাদী উপলুঙাৰ নজিৰহে দাঙি ধৰিছেগৈ বুলি ক’ব লাগিব।

চুমিলাৰ সৈতে সংঘটিত ঘটনাটোৰ সন্দৰ্ভত উত্থাপিত হ’ব পৰা সকলোবোৰ সামাজিক, ন্যায়িক প্ৰসংগ আমি সমুখলৈ আনিব লাগে তেনে নিশ্চিতকৈ, আইনী ন্যায়ৰ প্ৰসংগটোৱেই এই মুহূৰ্তত আটাইতকৈ জৰুৰী বুলি আমি বিশ্বাস কৰো বুলি উল্লেখ কৰি সেই উদ্দ্যেশ্যে তেওঁলোকে কেইটামান জৰুৰী আৰু তৎকালীন দাবী শাসনাধিস্থিত চৰকাৰলৈ বুলি প্ৰেৰণ কৰিছে। দাবীকেইটা হ’ল—

১. ভুক্তভোগী পৰিয়ালটোক অসম চৰকাৰৰ ফালৰ পৰা পৰিয়ালটোৱে যাতে ভৱিষ্যতে কোনো ধৰণৰ হেঁচা বা নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিব লাগে। পৰিয়ালটোৱে সকলো সময়তে যাতে ‘sound legal advice’ লাভ কৰে তাৰ ব্যৱস্থাও কৰিব লাগে।

২. সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে উক্ত ঘটনা সম্পৰ্কত কেৱল হত্যা সম্পৰ্কীয় গোচৰ হে ৰুজু কৰা হৈছে। কিন্তু অভিযোগ অনুসৰি চুমিলা ৰংহাংপীক শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা হৈছিল। লগতে তাই যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলিও অভিযোগ উঠিছে। এই গোটেই কথাবোৰ লক্ষ্য কৰি আমি অসম চৰকাৰ তথা অসম আৰক্ষীক দাবী জনাওঁ যে প্ৰকাশ বৰঠাকুৰ, নয়নজ্যোতি বৰঠাকুৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে শিশু শ্ৰমিক নিয়োগ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হওঁক আৰু হত্যাৰ গোচৰৰ লগত যৌন নিৰ্যাতন আৰু ধৰ্ষণ বিষয়টোও বিচাৰাধীন কৰা হওঁক।

৩. এই ঘটনাটো কেৱল হত্যা আৰু শিশু শ্ৰমিকৰ বিষয়টোতে সীমাবদ্ধ কৰি ৰাখিলে নহ’ব। আমি ভাবোঁ যে গোটেই ঘটনাটোৰ এক জাতি-বৰ্ণ-লিংগ কেন্দ্ৰিক দিশ আছে যাক নস্যাৎ কৰা উচিত নহয়। আইনী দিশৰ পৰা বৰঠাকুৰ পৰিয়ালটোক The Scheduled Castes and Scheduled Tribes(Prevention of Atrocities) Act, 1989ৰ ধাৰা অনুসৰি অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ থল আছে বুলি আমি ভাবোঁ আৰু সেয়ে পুলিচ প্ৰশাসন আৰু অসমৰ মাননীয় ৰাজ্যপালে নিয়োগ কৰা মলয় বৰাৰ এজনীয়া অনুসন্ধান সমিতিৰ প্ৰতি আমি এই দাবী উত্থাপন কৰোঁ যে অনতি বিলম্বে জাতি-বৰ্ণ গত আৰু লিংগভিত্তিক অত্যাচাৰৰ দিশটো অনুসন্ধান কৰি SC/ST Act, 1989ৰ অধীনত বৰঠাকুৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে।

৪. অসম চৰকাৰৰ পৰা আমি এই নিশ্চিতি দাবী কৰোঁ যে, কাৰ্বি আংলঙৰ লগতে ৰাজ্যৰ অন্যান্য পিছপৰা অঞ্চলৰ অনেক শিশু এতিয়াও আধিপত্যশীল বৰ্গৰ ঘৰত শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে, এই গুৰুতৰ সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰ সংবেদনশীল আৰু দায়িত্বশীল হৈ এই শিশুসমূহক উদ্ধাৰ কৰাৰ ক্ষিপ্ৰ আৰু দীৰ্ঘম্যাদী আঁচনি তৈয়াৰ কৰি সঠিকভৱে ৰূপায়ন কৰিব লাগে। লগতে শিশু সুৰক্ষা আইন আৰু শিশু শিক্ষাৰ অধিকাৰ আইন অনুসৰি এই শিশুসমূহক সম্পূৰ্ণ শিক্ষাৰ অধিকাৰ প্ৰদান কৰি সংস্থাপন সুনিশ্চিত কৰিব লাগে।

শেষত আমি অসমৰ সামাজিক চিন্তা-ধাৰা, প্ৰভাৱশালী বৌদ্ধিক বাগধাৰা আদিৰ পৰিপ্ৰেক্ষিতত এটা কথা উল্লেখ কৰিব বিচাৰোঁ। আৰ্থ-সামাজিক নানান শোষণ-বঞ্চনামূলক পৰিঘটনাবোৰত জাত-পাতকেন্দ্ৰিক বৰ্ণবাদী ব্যৱস্থা আৰু পুৰুষতান্ত্ৰিক মানসিক প্ৰবৃত্তি অসমতো দেশৰ নানান প্ৰান্তৰ দৰে সক্ৰিয় হৈ আছে। আইনীভাৱে এনে শোষণৰ মোকাবিলা কৰিবৰ কিছু উপায় সাংবিধানিকভাৱে হাচিল কৰা হৈছে – কিন্তু, ৰাজনৈতিক ক্ষমতা-বিন্যাসে তাৰ বাট মসৃণ কৰি থোৱা নাই। এই ক্ষেত্ৰত এক সবল সামাজিক আন্দোলনৰো প্ৰয়োজনীয়তা আহি পৰে— কিদৰে সাংবিধানিক-আইনী আৰু ৰাজনৈতিক অধিকাৰসমূহ হাচিল কৰিব পাৰি আৰু তাৰ বাটত আধিপত্যকামী শক্তিৰ হেঙাৰবোৰ সামাজিক পৰিসৰত কেনেদৰে প্ৰত্যাখ্যান কৰিব পৰা যায়।