ইজৰাইল-হামাছৰ যুদ্ধ: লেবাননত নিহত ৰয়টাৰ্ছৰ সাংবাদিক; আহত আন ৬ জন সাংবাদিক

ইজৰাইল-হামাছ যুদ্ধৰ বলি হৈছে এজন সাংবাদিক। আহত হৈছে আন কমেও ৬ গৰাকী সাংবাদিক। খবৰ অনুসৰি ইজৰাইলৰ আক্ৰমণত ৰয়টাৰ্ছৰ ফটো সাংবাদিক ইছাম আব্দুল্লাৰ মৃত্যু হয়।

এক বিবৃতিত ৰয়টাৰ্ছে কয় যে ‘’ইছামে দক্ষিণ লেবাননত কাম কৰি আছিল। তাতেই গোলাবৰ্ষণত তেওঁৰ মৃত্যু হয়। এই ঘটনাত আমি মৰ্মাহত। অঞ্চলটোৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে। ইছামৰ পৰিয়ালৰ কাষত আছে ৰয়টাৰ্ছ।‘’

লগতে পঢ়কঃ গাজাৰ পৰা পলায়নৰ সময়ত ইজৰাইলী বিমান আক্ৰমণত নিহত ৭০ জন পেলেষ্টাইনী নাগৰিক

ইজৰাইলৰ গোলাবৰ্ষণত ইয়াৰ দুজন সাংবাদিক আল চুডানী আৰু মাহেৰ নাজেহ আহত হোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও আল জাজিৰা, এ পি আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কমেও ছয়জন সাংবাদিক আহত হৈছে।

আল জাজিৰাৰ বাতৰি অনুসৰি শুকুৰবাৰে ইজৰাইল-লেবানন সীমান্তৰ আলমা আছ-ছাবলৈ গৈছিল সাংবাদিকসকল। সূত্ৰ অনুসৰি ইজৰাইলৰ সেনাৰ টেংকৰ পৰা পোনপটীয়াকৈ গুলীচালনা কৰা হৈছিল। তাৰ ফলতে এজন সাংবাদিকৰ মৃত্যু হয়। আহত হৈছে কমেও ৬ জন।

উল্লেখ্য যে হামাছ সন্ত্ৰাসবাদী সংগঠনটোৱে ৭ অক্টোবৰত কমেও ডেৰ হাজাৰ ইজৰাইলী নাগৰিকক হত্যা কৰিছিল। বহু মহিলা, শিশু, বৃদ্ধ, ইজৰাইলৰ সৈনিক আৰু আন দেশৰ নাগৰিকক হামাছে বন্দী কৰি গাজালৈ লৈ গৈছে।

লগতে পঢ়কঃ পাকিস্তান মেচৰ পূৰ্বে কোহলীলৈ বাৰ্তা উছেইন ব’ল্টৰ; কি ক’লে বিশ্বৰ দ্ৰুততম কিংবদন্তিজনে?

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে তীব্ৰ আক্ৰমণ চলায়। সংকটত পৰিছে হামাছ। লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে কয় যে ‘ইজৰাইলে লেবাননৰ মাটিত ধাৰাবাহিকভাৱে ৰকেট আক্ৰমণ চলাইছে। এই ঘটনা তাৰেই পৰিণতি।‘