উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য মন্ত্ৰী যোগেন মহনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ!

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি অসম চৰকাৰৰ ৰাজহ বিভাগে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি এক বিশেষ জাননী যোগে শ্ৰীমন্ত শংকৰ একাডেমি ছ’চাইটিক হাৰাশাস্তি কৰি আহিছে।

এই অভিযোগ উত্থাপন কৰি শ্ৰীমন্ত শংকৰ একাডেমি ছ’চাইটিৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কয় যে বিশ্ববিদ্যালয়ৰ ভূমি সীমা নিৰ্ধাৰণ সম্পৰ্কীয় এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন থকাৰ সময়তে অসম চৰকাৰৰ ৰাজহ বিভাগে এটা বিশেষ পক্ষৰ স্বাৰ্থত ভূমিৰ সীমা নিৰ্ধাৰণৰ বাবে উঠি পৰি লাগিছে।

অভিযোগ অনুসৰি যোৱা মংগলবাৰে আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়ে কোনো তাৰিখ উল্লেখ  নকৰাকৈ এই সম্পৰ্কীয় এক বিশেষ জাননী জাৰি কৰে। জাননীত উল্লেখ কৰা হৈছে যে ননী চৌধুৰী নামৰ এগৰাকী আবেদনকাৰীৰ আবেদনৰ ভিত্তিত ম্যাদী পট্টাৰ ৫৬ আৰু ডাগ নং ৪৬ৰ ভূমিৰ সীমা নিৰ্ধাৰণ কৰা হ’ব।

জাননীখনত লগতে উল্লেখ কৰা হৈছে যে বিভাগীয় মন্ত্ৰী যোগেন মহনৰ লিখিত নিৰ্দেশ মতেহে ভূমিৰ এই সীমা নিৰ্ধাৰণ কৰা হ’ব। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভাগীয় মন্ত্ৰীৰ এনে কোনো লিখিত নিৰ্দেশ লাভ কৰা নাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ত সমগ্ৰ বিষয়টো বিচৰাধীন হৈ অৱস্থাত হঠাতে ৰাজহ বিভাগে কেনেকৈ উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰী গিৰিজানন্দ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি বুধবাৰে আজাৰা ৰাজহ চক্ৰই আৰক্ষী উপস্থিতিত দুটা খুঁটা পুতি সীমা নিৰ্ধাৰণৰ চেষ্টা কৰা বুলি দাবী কৰিছে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা অৱস্থাত আজাৰা ৰাজহ চক্ৰই ভূমি সীমা নিৰ্ধাৰণৰ চেষ্টা কৰি ন্যায়ালয়ক অৱমাননা কৰাৰ সাহস বিভাগীয় মন্ত্ৰী তথা বিভাগে কৰ পৰা পালে বুলিও এতিয়া প্ৰশ্নৰ উদয় হৈছে।