কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ ভূমি হস্তান্তৰ ৰাজহ বিভাগৰ

12.02.17 (6)~2

ফটো: নৰ্থইষ্ট নাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ প্ৰসাৰিত ভূমি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰে বোকাখাত মহকুমাৰ ৰাজহ বিভাগে ৷

উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ মতেই গোলাঘাটৰ উপায়ুক্তৰ বিশেষ তৎপৰতাত এই ভুমি হস্তান্তৰিত কৰা হয় ৷

উল্লেখ্য যে উচ্চ ন্যায়লয়ে কাজিৰঙাৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকা শীঘ্ৰেই উদ্যান কৰ্তৃপক্ষক অৰ্পন কৰিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনক নিৰ্দেশ দিছে আৰু ২৩ নবেম্বৰৰ ভিতৰত এই সংক্ৰান্তত প্ৰতিবাদ দাখিল কৰিবৰ বাবেও ৰাজহ বিভাগক জনাইছে ৷

যাৰ বাবে বোকাখাতৰ মহকুমাধিপতি বিপুল দাস আৰু ৰাজহ বিষয়া মানসজ্যোতি নাথে যোৱা ৪ নবেম্বৰৰ দিনা তৃতীয় আৰু পঞ্চম সংযোজন এলেকাত উপস্থিত হৈ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ হাতত সংযোজন দুটা আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে ৷

উল্লেখ্য যে ১৯৮৫ চনৰ ৩১ মে’ বোকাখাতৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ কাষৰীয় মেথনি চাহ বাগিচা আৰু শিলজুৰি কাকজুৰিৰ মুঠ ৫৪৩ বিঘা , ৩ কঠা, ১৮ লোচা ভুমিৰ পৰিসৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজন হিচাবে ঘোষণা কৰিছিল ৷

ইয়াৰে ১০১ বিঘা, ৩ কঠা, ১৫ লোচা মাটি পুৰ্বেই দখল চমজাই দিয়াৰ পিচত অঞ্চলটোৰ বাকী থকা ৪৪২ বিঘা, ০ কঠা, ০৩ লোচা ভুমি বুধবাৰৰ দিনা আনুষ্ঠানিকভাৱে হস্তান্তৰিত কৰে ৰাজহ বিভাগে ৷

একেদৰে ১৯৮৫ চনৰ ১৩ জুনত বোকাখাত মহকুমাৰে হালধীবাৰী অঞ্চলৰ ৫৭৯ বিঘা, ২ কঠা ,১৮ লোচা ভুমি কাজিৰঙাৰ পঞ্চম সংযোজন হিচাবে ঘোষণা কৰা হৈছিল ৷ এই সংযোজনৰ মুঠ ২৭৩ বিঘা , ৪ কঠা , ০১ লোচা মাটি পুৰ্বে দখল চমজোৱাৰ  পিচত বাকী থকা মুঠ ৩০৫ বিঘা, ৩ কঠা, ১৭ লোচা ভুমি বুধবাৰৰ দিনা কাজিৰঙাক হস্তান্তৰিত কৰা হয় ৷

কাজিৰঙাৰ এই তৃতীয় আৰু পঞ্চম সংযোজন এলেকা ৰাষ্ট্ৰীয় উদ্যানখনৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ হিচাবে স্বীকৃত ৷ বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখন জলমগ্ন হোৱাৰ সময়ত বন্যপ্ৰাণীয়ে এই দুই এনিমেল কৰিডৰেদিয়েই আশ্ৰয় বিচাৰি দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাহাৰলৈ প্ৰব্ৰজন কৰে ৷

বুধবাৰৰ দিনা বোকাখাত মহকুমাৰ ৰাজহ বিভাগৰ অধীনত পুৰ্বেই তৃতীয় সংযোজনৰ নামত পঞ্জীয়ন হৈ থকা অধিগ্ৰহণ গোচৰ ১/ ৯১-৯২ আৰু ২/৯১-৯২ আৰু পঞ্চম সংযোজনৰ নামত থকা অধিগ্ৰহণ গোচৰ ৩ / ৮৮ -৮৯ আনুষ্ঠানিক ভাৱে নিস্পত্তি কৰা হয় ৷

ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় সংযোজন এলেকা হস্তান্তৰিত কৰাৰ বাবে এতিয়াও কাৰ্য ব্যৱস্থা হাতত লোৱা নাই বোকাখাতৰ ৰাজহ বিভাগে ৷

উল্লেখ্য যে ১৯৮৫ ৰ ১০ জুলাইত বোকাখাত মহকুমাৰ শিলডুবি, হাতীখুলি চাহ বাগিছা আৰু কাজিৰঙাৰ নন কেডেষ্টিল এলেকাৰ মুঠ ৪৯৫৫ বিঘা, ৩ কঠা , ৯ লোচা ভুমিৰ এলেকাক ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় সংযোজন হিচাবে ঘোষণা কৰা হৈছিল ৷

এই এলেকাৰ ৩৪০৭ বিঘা, ১ কঠা মাটিৰ দখল চমজাই দিয়াৰ পিচত সম্প্ৰতি ১৫৪৮ বিঘা, ২ কঠা , ৯ লোচা মাটি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক হস্তান্তৰিত কৰিবলৈ বাকী আছে ৷

এই সংক্ৰান্তত বোকাখাত ৰাজহ চক্ৰৰ কাৰ্যায়ত ৪/ ৮৯-৯০ আৰু ৫/ ৮৯-৯০ নম্বৰৰ দুটা অধিগ্ৰহণ গোচৰ পঞ্জীয়ন হৈ আছে ৷ তৃতীয় আৰু পঞ্চম সংযোজনৰ পিছত এতিয়া কাজিৰঙাৰ দ্বিতীয় সংযোজন এলেকা আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক দিবলৈ বাকী ৷

ৰাজহ বিভাগৰ মতে তৃতীয় সংযোজন এলেকাত ১৪ ঘৰ লোকে আৰু পঞ্চম সংযোজনত ১৮ ঘৰ লোকে কৃষি কাৰ্যৰ বাবে পামঘৰ নিৰ্মাণ কৰিছিল ৷ এই লোক সকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁতৰি যাবৰ বাবে জাননী জাৰি কৰিছে বোকাখাতৰ ৰাজহ বিভাগে ৷

এই পৰিয়াল সমুহক ৰাজহ বিভাগৰ তথ্যৰ আধাৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিছে ৰাজহ বিভাগে ৷

উল্লেখিত দুয়োটা সংযোজনৰ ভুমি আনুষ্ঠানিকভাৱে হস্তান্তৰিত হোৱাৰ পিছতেই অঞ্চল দুটাত বন বিভাগে নিজাকৈ কাৰ্য আঁচনি হাতত লৈছে ৷