প্ৰতাৰণামূলক ভূমি পঞ্জীয়নত জড়িত ওদালগুৰিৰ হৰিশিঙাৰ পঞ্জীয়ন চক্ৰ বিষয়া গ্ৰেপ্তাৰ

IMG-20180814-WA0004-01

ওদালগুৰি জিলাৰ টংলাৰ  হৰিশিঙাৰ পঞ্জীয়ন চক্ৰ বিষয়াৰ কাৰ্যালয়টো এতিয়া দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ঘাটীলৈ ৰূপান্তৰিত হৈছে। একাংশ ৰাইজে দীৰ্ঘ দিন ধৰি অভিযোগ কৰি আহিছে যে হৰিশিঙাৰ পঞ্জীয়ন চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে মাটিৰ পঞ্জীয়ন, মালিকীস্বত্বৰ পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় লৈ বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হৈ আহিছে।

২ নং ৱাৰ্ডৰ বাসিন্দা মোহন বালা নাথ নামৰ এগৰাকী মহিলাই দিয়া এজাহাৰৰ ভিত্তিত ৰাজহ বিষয়া (লট মণ্ডল) কনক বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছ। মহিলাগৰাকীয়ে অভিযোগ কৰিছে ৰাজহ বিষয়াগৰাকীয়ে প্ৰতাৰণামূলকভাৱে তেওঁৰ নামৰ এটুকুৰা মাটি আনৰ নামত পঞ্জীয়নভুক্ত কৰিছে।

জানিব পৰা মতে, চক্ৰ বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ দখলত থকা ১ কঠা, ১ লেচা মাটি দীপক দাস এজন নামৰ ব্যক্তিৰ নামত পঞ্জীয়নভুক্ত কৰিছে। ঘটনাটো জনাজনি হোৱাৰ পাছত সোমবাৰে মহিলাগৰাকীয়ে টংলা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। টংলা আৰক্ষী আৰু ভাৰেগাঁৱৰ মহকুমা আৰক্ষী বিষয়া বৰুণ পুৰকায়স্থই বিষয়াজনক ধৰি আনি সোধপোছ কৰে। বিষয়াজনৰ বিপক্ষে ভাৰতীয় দণ্ডবিধিৰ ১২০(খ), ৪৪৭, ৫০৬/৪০৯/৪৬৮/৪৭১/৩৮৭/৪২০ ধাৰাত টংলা থানাত ২০১৫/২০১৮ নম্বৰত এটা গোচৰ পঞ্জীয়নভুক্ত কৰিছে।

মহিলাগৰাকীয়ে ইতিমধ্যে মুখ্য মন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ (SVC) কাষ চাপিছে{ আজি সেয়েহে বিষয়াগৰাকীক টংলা আৰক্ষীয়ে মুখ্য মন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ দ্বাৰা জেৰা কৰোৱাৰ বাবে গুৱাহাটীলৈ লৈ আনে।

দীৰ্ঘ দিন ধৰি উৎকোচ লোৱা আৰু একাংশ ৰাজনৈতিক নেতা, প্ৰভাৱশালী ব্যক্তি, সংবাদ মাধ্যমৰ লোকৰ সমৰ্থন লাভ কৰি, বিটিচিৰ ৰাজহ বিভাগত মুক্তভাৱে নিজৰ খেয়াল-খুচি মতে কাম কৰি অহা ৰাজহ বিষয়া কনক বৰুৱাক কঠোৰতম শাস্তিৰ লগতে আন দুৰ্নীতিগ্ৰস্ত বিষয়াসকলকো ধৰা পেলোৱাটো বিচাৰিছে স্থানীয় ৰাইজে।