চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত। ভিলেজ ৰকষ্টাৰ,বুলবুল কেন ছিঙ খ্যাত প্ৰযোজক,পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় গত বৰ্ষৰ TIFF(Toronto International Film Festival)ত। TIFF ৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিৰ বাবে অফিচিয়েল চিলেকচনো লাভ কৰিবলৈ সক্ষম হয়। ৰীমা দাসৰ প্ৰযোজনা,পৰিচালনাৰ এই ছবিখনৰ ২১ ছেপ্তেম্বৰ তাৰিখে অসমৰ ছবিগৃহত মুক্তিৰ পূৰ্বে প্ৰিমিয়াৰ অনুষ্ঠিত হয়। বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত এই ছবিখন চলি আছে।
ছবিৰ আৰম্ভণি হয় ক’ভিড অতিমাৰীৰ সময়ত এটি পৰিয়ালৰ দৈনন্দিন জীৱনচৰ্যাৰ মাজেৰে। মফচলীয়া চহৰখনৰ পৰিবেশৰ মাজত ব্যৱসায়ী জান(অভিজিত দাস)আৰু পত্নী তৰা(তৰালী কলিতা দাস)সহ দুই সন্তানৰ জীৱনচৰ্যা। ৰীমা দাসৰ আন ছবিসমূহত দেখা যোৱাৰ দৰে প্ৰাকৃতিকভাৱে চৰিত্ৰ নিৰ্বাচন আৰু চিত্ৰগ্ৰহণৰ প্ৰক্ৰিয়া তৰাজ হাজবেণ্ডতো অব্যাহত আছে। সেইটো সমগ্ৰ ছবিখনৰেই এটি ভাল লগা দিশ। ছবিৰ আৰম্ভণিৰ কিছু অংশ সামান্য লেহেমীয়া গতিৰ। অৰ্থাৎ,চৰিত্ৰ আৰু পৰিস্থিতিক প্ৰতিষ্ঠা কৰাৰ প্ৰক্ৰিয়া আৰু কিছু ক্ষীপ্ৰ কৰিব পৰা গ’ল হয়- যিদৰে পৰৱৰ্তী পৰ্যায়ত গতি লয় ছবিখনে। স্থানীয় ভাষাৰ প্ৰয়োগৰ লগতে গ্ৰাম্য পৰিবেশৰ প্ৰতিফলন স্পষ্ট।
এবাৰ লকডাউন হৈ যোৱাৰ পৰৱৰ্তী সময়ত কিছু পৰিমাণে বিপৰ্যস্ত হৈ পৰা জানৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি পৰিয়াললৈকে নিজৰ সমস্ত দ্বায়িত্ব সুকলমে পালনৰ প্ৰয়াসত লাগি থকা প্ৰচেষ্টাত কেনে কেনে জটিলতা আহে,তৰাৰ আন সবাৰে প্ৰতিক্ৰিয়া কি হয় তাক লৈয়েই ছবিখন আগবাঢ়ে। তৰাজ হাজবেণ্ডত যে একমাত্ৰ জানৰেই লকডাউনৰ পিছৰ যুঁজখন প্ৰদৰ্শন কৰা হৈছে এনে নহয়,তেওঁৰ লগতে আনুষংগিকভাৱে ভিন্নজনৰ ভিন্ন সংগ্ৰামৰ ছবিখনকো তুলি ধৰিছে পৰিচালকে। তেনে এটি প্ৰশংসনীয় দৃশ্যাংশ হৈছে নিজৰ বেকাৰীখন আন মালিকৰ হাতত চমজাই দি অহাৰ পিছত দুজন টোকাৰি গীত গাই থকা দৃষ্টিশক্তিহীন লোকৰ মুখামুখি হোৱা জান। প্ৰতীকীৰূপত ব্যৱহাৰ কৰা এনে বহু দৃশ্যই আছে চিনেমাখনত,সৰ্বসাধাৰণে অনুধাৱন কৰিব পৰাকৈ,জটিলতাবিহীন,নাটকীয়তাবিহীন। পৰিচালকক প্ৰশংসা কৰিবই লাগিব। মাজে মাজে মৃদু তথা স্বতঃস্ফূৰ্ত হাস্যৰসো দেখা গ’ল ছবিখনত। ক্ৰমশঃ কাহিনীৰ প্ৰগাঢ়তা বাঢ়ি আহে। সমান্তৰালকৈ বাঢ়ি আহে উৎকন্ঠা,উদ্বিগ্নতা।
এফালৰ পৰা চাবলৈ গ’লে কোনো সময়ত যদি তৰাৰ দৃষ্টিৰে আপুনি ছবিখন চাব পাৰিব,আন সময়ত জানৰ দৃষ্টিৰে। পিছে দুয়োৰে নিজ নিজ স্থিতিক,দৃষ্টিভংগীক সমানেই গ্ৰহণযোগ্যতাও প্ৰদান কৰিছে পৰিচালকে। ছবিখন চাই থাকোতে আমি সচৰাচৰে চকুৰ আগত দেখি থকা কিছু ঘটনাই দেখি আছো যেন লাগিব। পিছে এইসমূহ ঘটনাকেই যে ইমান প্ৰাকৃতিক আৰু সহজভাৱে চিনেমাৰ মাধ্যমত তুলি ধৰিব পৰা যায় সেয়া উচ্চ প্ৰশংসনীয় এক কলা। কাহিনীক তুংগলৈকে লৈ যোৱাৰ প্ৰক্ৰিয়াতো কুশলতা আছে কাহিনীকাৰৰ। ছবিখনৰ আলোকশিল্পৰ কাম ভাল লগা,যিদৰে ভাল লগা কাম দৃশ্যগ্ৰহণৰ। আন এটি খুব ভাল লগা দৃশ্যৰ কথা এইখিনিতে উল্লেখ কৰিবই লাগিব। ছবিখনৰ শেষাৰ্ধৰ ফালে জান আৰু কোনো এজন একেলগে বহি কথা পাতি থকাৰ শ্বটটি পিছফালৰ পৰা লোৱা হয়। দুয়োৰে মুখাবয়ব এবাৰো নেদেখোৱাকৈয়েই গ্ৰহণ কৰা সেই দৃশ্যাংশৰ বাবে বাৰ্তালাপখিনিয়েই যথেষ্ট। সম্পাদনাৰ দিশটোও আন এক ভাল লগা দিশ ছবিখনৰ। ছবিৰ অন্ত হে সামান্য লৰালৰিকৈ কৰা যেন লাগিল।
আৱহ-সংগীতৰ ব্যৱহাৰ বৰকৈ কৰা হোৱা নাই যদিও,যিখিনি কৰা হৈছে-সেইখিনি পৰিস্থিতি সাপেক্ষ। অভিনয়ৰ ক্ষেত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰা আটাইৰে অভিনয় স্বাভাৱিক যদিও,ছবিখনৰ মধ্যমণি হৈ পৰে জানৰ চৰিত্ৰতঅভিনয় কৰা অভিজিত দাস। তেওঁৰ আত্মস্থ অভিনয় ভূয়সী প্ৰসংশাৰ পাত্ৰ। এক কথাত ক’বলৈ গ’লে তৰাজ হাজবেণ্ড এখন আত্মোপলব্ধিৰ ছবি বহুতৰে বাবে। কোনোবাখিনিত নিজৰেই এভুমুকি দেখিব পাৰে আপুনিও।
ৰিমলী বৰকটকী।
লেখিকাৰ ইমেইল – [email protected]