কাগজ কল পুনৰুজ্জীৱিতকৰণ : ১১ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ কাগজ কল য়ুনিয়ন-সুৰক্ষা মঞ্চৰ

Nagaon-paper

ফাইল ফটো

নগাঁও আৰু কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত কাগজ কল য়ুনিয়ন আৰু কাগজ কল সুৰক্ষা মঞ্চই অহা ১১ ছেপ্তেম্বৰত জাগীৰোডত ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

নগাঁও আৰু কাছাৰ কাগজ কল শীঘ্ৰে কাৰ্যক্ষম কৰা, কৰ্মচাৰীৰ অনাদায় দৰমহা শীঘ্ৰে আদায়ৰ দাবীৰ লগতে চৰকাৰে বাৰম্বাৰ আশ্বাস প্ৰদান কৰাৰ বিপৰীতে কাগজ কল দুটা কাৰ্যক্ষম কৰাৰো দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে।

ইফালে কৰ্মচাৰীসকলে কয় যে যদিহে চৰকাৰে এইবাৰ আমাৰ দাবী সমূহ মানি নলয় তেন্তে অনাগত দিনত ৰেইলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মুখ্য মন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ম।

হিন্দুস্তান কাগজ নিগমৰ অধীনৰ নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰে পৰা চৰকাৰে অৱহেলা কৰি অহাৰ লগতে বিভিন্ন সময়ত দি অহা প্ৰতিশ্ৰুতিসমূহ পূৰণত ব্যৰ্থ হৈছে। সেয়ে অহা ১১ ছেপ্তেম্বৰৰ ভিতৰত যদিহে চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কাগজ কল য়ুনিয়ন আৰু কাগজ কল সুৰক্ষা মঞ্চই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি জনায়।

উল্লেখ্য যে বিগত প্ৰায় ১৭-১৮ মাহ ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ লগত কেইবাবাৰো আলোচনাত মিলিত হৈছে। কিন্তু আজিলৈ এনে আলোচনাই কোনো সুফল কঢ়িয়াই অনা পৰিলক্ষিত হোৱা নাই।

চৰকাৰৰ ফালৰ পৰা কেৱল আলোচনা আৰু আশ্বাসৰ মাজতে সীমাবদ্ধ হৈ থকা বিষয়টোত কাগজ কল দুটাৰ কৰ্মচাৰী সকল হতাশ হৈ পৰাৰ লগতে আৰ্থিকভাৱে তীব্ৰ সংকটত ভুগি একপ্ৰকাৰ ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে।