বিশ্বনাথত কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ে সৃষ্টি কৰিছে ত্ৰাসৰ

cow

বিশ্বনাথত কালি পুৱাই আগমণ ঘটিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ৰ ।

খাদ্যৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদী অতিক্ৰম কৰি গুপ্তকাশী বিশ্বনাথ ঘাটৰ নবজাৰৰ পশ্চিম অংশত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত মৰাপাট খেতিত ইতিমধ্যে আশ্ৰয় গ্ৰহণ কৰি আছিল ।

অঞ্চলটিত ইতিমধ্যে বন বিভাগৰ দল উপস্হিত হৈ গঁড়টো যাতে জনাঞ্চলত প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে ড্ৰোন ব্যৱহাৰ কৰি গঁড়টোৰ গতিবিধি পৰ্যবেক্ষণ কৰি আছে ।