লাওখোৱাত মাছৰ বাবেই গঁড়ৰ মৃত্যু!

11111

লাওখোৱাত উদ্ধাৰ হোৱা গঁড়ৰ জকা। ফটো : নৰ্থইষ্ট নাও

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত সোমবাৰে এটা গঁড়ৰ জকা উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে নৰ্থ-ইষ্ট নাওৱে লাভ কৰিছে কেতবোৰ বিষ্ফোৰক তথ্য। গঁড়টো কেতিয়া, কেনেকৈ কোনে হত্যা কৰিব পাৰে সেই লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে নৰ্থ-ইষ্ট নাওৱে লাভ কৰা এই তথ্যই এক ভয়ংকৰ সত্যক উদঙাই দিছে।

গঁড়টো হত্যা কৰি খৰ্গ কাটি নিয়াৰ কথা ইয়াৰ জকা উদ্ধাৰ হোৱাৰ পাছত স্পষ্ট হৈ পৰাত বন বিভাগৰ বিষয়াই এই কাম চোৰাং চিকাৰীৰ বুলি ক’ব বিচাৰিছে। কিন্তু সঁচাকৈয়ে এয়া চোৰাং চিকাৰীয়েই কৰিছেনে?

আমি এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বন বিভাগৰ বিষয়াৰ ছত্ৰছায়াতেই এই গঁড়টোৰ নিধন হৈছে আৰু গঁড়টোৰ মৃত্যুৰ কাৰণ কেৱল মাত্ৰ মাছ।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে ‘’লাওখোৱা বনাঞ্চলত থকা জলাশয় সমুহ অবৈধভাৱে মাছৰ বাবে ডাক হয়। একাংশ বন বিষয়াৰ নেতৃত্বতে জলাশয় সমুহৰ ডাকত দিয়া আৰু ইয়াত অবৈধ মৎস্য চিকাৰ চলি আছে। যদি তাত গঁড়টো থাকে তেনেহ’লে জলাশয় ডাকত দিয়াত অসুবিধা আহি পৰে। সেয়ে বন বিভাগৰ মানুহেই গঁড়টো হত্যা কৰিছে।‘’

উল্লেখ্য যে, ২০১৭ চনতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড় বিগত বৰ্ষৰ ছেপ্টেম্বৰ পৰ্য্যন্ত লাওখোৱা বনাঞ্চলত থিতাপি লৈছিল। কিন্তু অতি আশ্বৰ্য্যজনকভাৱে গঁড়টো যোৱা ২০১৮ৰ ছেপ্টেম্বৰৰ পৰা নিৰুদিষ্ট হৈ আছিল। লাওখোৱাৰ বন বিষয়াই গঁড়টো পুনৰ ওৰাঙলৈ উভতি যোৱা বুলি প্ৰতিবেদন দিছিল।

কিন্তু সোমবাৰে লাওখোৱাত গঁড়ৰ জকা উদ্ধাৰৰ পাছত গঁড়টো অন্তৰ্ধান হোৱা ঘটনাই নতুন মোৰ লৈছে।

ইপিনে, আমাৰ সূত্ৰই দাবী কৰা মতে গঁড়টোৰ মৃত্যুৰ কাৰণ যে মৎস্য চিকাৰ সেই কথা নুই কৰা নাই লাওখোৱাৰ সেই সময়ৰ ডি এফ অ’ জিতেন্দৰ কুমাৰে। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত ডি এফ অ’ গৰাকীয়ে কয়, ‘’লাওখোৱা আৰু বুঢ়াচাপৰিৰ সকলোতকৈ ডাঙৰ সমস্যাই হৈছে অবৈধ মৎস্য চিকাৰ। তাত অবৈধ মৎস্য চিকাৰৰ চিণ্ডিকেট আছে। মই যেতিয়া তাত কৰ্তব্যত যোগ দিছিলো তাৰ জলাশয় সমুহত ডাঙৰ ডাঙৰ জাল পাতি থোৱা পাইছিলো আৰু মই বহুত জাল জব্দ কৰিছিলো। যাৰ বাবে মোৰ ওপৰত আক্ৰমণো হৈছিল, মই কথমপি বাচিছিলো। এই বিলাক কামত লাওখোৱাৰ বহুত স্থানীয় লোক জড়িত আছিল। লাওখোৱাৰ স্থানীয় লোকে তালৈ গঁড় অহাটো কেতিয়াও নিবিচাৰে। কাৰণ গঁড় আহিলে তেওঁলোকৰ মাছৰ কাৰবাৰ বন্ধ হৈ যায়।‘’

ইপিনে গঁড়টোৰ হত্যাত বন বিভাগৰ লোক জড়িত থকাৰ সম্ভাৱনাও তেওঁ নস্যাৎ নকৰি এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে বুলি কয়। বিষয়াগৰাকীয়ে তেওঁ তাত কৰ্মৰত থকাৰ সময়ত গঁড়ৰ জকা উদ্ধাৰ হোৱা স্থানৰ সমীপৱৰ্তী পলাশতলি কেম্পত ৫-৬ জন বনকৰ্মীক নিয়োজিত ৰাখিছিল বুলি মন্তব্য কৰি সেইসময়ত তাত থকা কৰ্মীসকলকো তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰে।

‘’বন বিভাগৰ লোক জড়িত নথকাকৈ ইয়াত গঁড় হত্যা সম্ভৱ নহয়। কাৰণ এক-দুই কিলোমিটাৰৰ অন্তৰে অন্তৰে কেম্প আছে গতিকে তেওঁলোকে গম পাব লাগে। যদি গম পোৱাও নাছিল গঁড়টোৰ হত্যা হোৱাৰ পাছত ওচৰৰ কেম্পৰ মানুহে গম পাব লাগিছিল আৰু মোক বা ৰেঞ্জাৰক জনাব লাগিছিল। তেওঁলোকে নজনালে, গতিকে তেওঁলোক জড়িত থাকিব পাৰে’,-ডি এফ অ’ জিতেন্দৰ কুমাৰে কয়।

পৰিতাপৰ বিষয় যে, লাওখোৱা বনাঞ্চলত বৰ্তমান এটাও গঁড় নাই। আন ঠাইৰ পৰা তালৈ স্থানান্তৰ কৰা আটাইকেইটা গঁড় ইতিমধ্যে মৃত্যুমুখত পৰিছে। ইয়াৰ বিপৰীতে তাত প্ৰায় ডেৰশৰ পৰা দুশ বন বিভাগৰ লোক আছে। উল্লেখ্য যে ১৯৮৩ চনত বনাঞ্চলটোত ৬৩ টা গঁড় আছিল।