NORTHEAST NOW (Assamese)

অৰুণাচলৰ ইটানগৰত আটক দুধৰ্ষ চোৰাং গঁড়ৰ খৰ্গ বেপাৰী

June 16, 2019 9:35 pm · কাজি জেইদুল ইছলাম
Updated: June 16, 2019 9:37 pm
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বনাথ বন সংমণ্ডলৰ বনৰক্ষী বিষয়া ৰাজু গগৈৰ নেতৃত্বত এটা বন কৰ্মীৰ দল, আই আৰ এফৰ দল আৰু ইটানগৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত আজি ইটানগৰৰ পি ছেক্টৰ গান্ধী মাৰ্কেটৰ পৰা কুখ্যাত চোৰাং গঁড়ৰ খৰ্গৰ বেপাৰী ৰিজেন পেগুক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লখৰা চাপৰিত যোৱা এপ্ৰিল মাহত হোৱা গঁড় হত্যাৰ অভিযোগত আটক হোৱা আছামিৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে ইটানগৰৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ অন্তত গঁড়ৰ খৰ্গৰ বেপাৰীজনক আটক কৰে।

আটকাধীন এইজন খৰ্গ বেপাৰীক বৰ্তমান জেৰা চলাই থকা হৈছে আৰু তেওঁৰ পৰা বিভিন্ন চাঞ্চল্যকৰ তথ্য সংগ্ৰহ কৰিব পাৰিব বুলি বনৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বন বিভাগৰ মূৰৰ কামোৰণি হৈ পৰা এইজন গড়ঁৰ খৰ্গ  বেপাৰীক আটক কৰিবলৈ সক্ষম হোৱা কাৰ্যক বন্যপ্ৰাণী সংমণ্ডলৰ এক বৃহৎ সফলতা বুলি বিশ্বনাথৰ একাংশ সচেতন লোকে মন্তব্য কৰিছে।

Related News