কাজিৰঙাত গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ দুদিনীয়া কাৰ্যৰ সামৰণি  : ৪৮০ টা খৰ্গৰ পৰীক্ষা সম্পন্ন

IMG-2

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জত থকা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৬ চেপ্তেম্বৰৰ পৰা চলি থকা গঁড়ৰ খৰ্গ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ অভিযান আজি বিয়লি সামৰণি পৰে ৷

আজি পুৱাৰে পৰা চলা দ্বিতীয় দিনৰ কাৰ্যসুচীত এই কাৰ্যৰ বাবে নিয়োজিত উচ্চপদস্থ বিশেষজ্ঞৰ দলে মুঠ ১৬৭ টা খৰ্গৰ পুনৰ পৰীক্ষণ কৰি বিধিগত ভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰে ৷

ইয়াৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বনাঞ্চলত  ২০১৭ চনৰ পৰা জমা হৈ থকা ৪৮০ টা গঁড়ৰ খৰ্গৰ পৰীক্ষা কৰাৰ দুদিনীয়া কাৰ্যৰ সামৰণীপৰে ৷ যোৱা কালি ৩০০ খৰ্গৰ পৰীক্ষাৰ পিচত আজি মুঠ ১৬১ টা খৰ্গৰ পৰীক্ষা কৰা হয় যদিও আদালতত গোচৰ চলি থকা মুঠ ১৯ টা খৰ্গৰ পৰীক্ষা কৰাৰ পৰা বিৰত থাকে বিশেষজ্ঞৰ দল ৷

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিধান্ত গ্ৰহণ কৰে ৷

এই সিধান্তৰ অংশ হিচাবেই মৰিগাঁও, বৰপেটা,মংগলদৈ, গুৱাহাটী, তেজপুৰআৰুনগাওঁত চৰকাৰী কোষাগাৰত জমা থকা গঁড় খৰ্গৰ পৰীক্ষা কৰাৰ পিচত কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় জিম্মাত থকা গঁড়ৰ খৰ্গবোৰ পৰীক্ষা কৰা হয় ৷

লগতে খৰ্গবোৰ প্ৰণালীবদ্ধ ভাৱে নথিভুক্ত কৰি পৰৱৰ্তী সময়ত বিনষ্ট কৰিব পৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰে বন বিভাগে  ৷

ইয়াৰ বাবে অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক সভাপতি হিচাবে লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷ এই সমিতিৰ অধীনতে এখন কাৰিকৰী সমিতি আৰু সাত খন জ’নাল সমিতি গঠন কৰা হৈছে ৷

কাৰিকৰী সমিতিত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপৰিও পশু কল্যাণ বিভাগ আৰু ফৰেনচিক লেৱৰেটৰীৰ বিশেষজ্ঞৰ লগতে জ’নাল সমিতিত স্থানীয় লোকৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে ৷

গঁড় খৰ্গ পৰীক্ষণৰ এই কাৰ্যত বনবিভাগক এমট্ৰন প্ৰতিষ্ঠানে বিশেষ ভাৱে সহযোগিতা আগবঢ়াইছে ৷

কাজিৰঙাত অন্ত পৰা এই কাৰ্যসুচীৰ পিচত গোলাঘাটত অহা ৯ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ অন্তিম কাৰ্যসুচী ৷

গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১১ শ গঁড় খৰ্গৰ পুনৰ পৰীক্ষণ কৰিব বিশেষজ্ঞ সমিতিয়ে  ৷