কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত গাড়ীৰ খুন্দাত আহত গঁড়

Screenshot_2021-08-13-07-40-38-83_a23b203fd3aafc6dcb84e438dda678b6

ফটো: নৰ্থইষ্ট নাও।

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল ক’ৰিডৰত বৃহস্পতিবাৰৰ দিনা এখন চলন্ত গাড়ীৰ সৈতে হোৱা সংঘৰ্ষত এটা গঁড় আহত হয় ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ হালধিবাৰী এনিমেল ক’ৰিডৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এখন গাড়ীয়ে মহতিয়াই গঁড়টোক।

গাড়ীৰ খুন্দাত গঁড়টো ঘটনাস্থলীতে বাগৰি পৰে ৷

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়টোক AS12BC8964 নম্বৰৰ টাটা ডি আই গাড়ীখনে খুন্দা মৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে।

কিছু সময় ৰাষ্ট্ৰীয় পথতে পৰি ৰোৱাৰ পিচত থিয় হৈ গঁড়টোয়ে দুই এক পথাচাৰীলৈ চোঁচা লৈ পুনৰ কাৰ্বি আংলঙৰ বনাঞ্চলত প্ৰৱেশ কৰে  ৷

সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল ক’ৰিডৰেদি গঁড়ে সঘনাই আহ যাহ কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি আংলঙৰ সীমাত প্ৰৱেশ কৰে গঁড়ে ৷ যাৰ বাবে হালধিবাৰী ৰাষ্ট্ৰীয় উদ্যান খনৰ এটা অতি গুৰুত্বপুৰ্ণ এনিমেল ক’ৰিডৰ বুলি বিবেচিত।

হালধিবাৰী এনিমেল ক’ৰিডৰ উদ্যান কৰ্তৃপক্ষ আৰু পথ পৰিবহন বিভাগৰ তীক্ষ্ণ নজৰত থকাৰ পাছতো উদ্যানৰ পৰা ওলাই অহা গঁড়টোক কি পৰিস্থিতিত এখন গাড়ীয়ে  খুন্দিয়ালে বা গঁড়টোৱে বাহনখনক আক্ৰমণ কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে হালধিবাৰী ক’ৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত যানবাহনৰ গতি নিয়ন্ত্ৰনৰ বাবে গতি ৰোধকৰ উপৰিও উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক কেমেৰাও স্থাপন কৰা হৈছে। ইয়াৰ পিছতো এনে ঘটনা দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে ৷

গঁড়ৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন আৰক্ষীয়ে পিছত জব্দ কৰাৰ বিপৰীতে আহত গঁড়টোৰ ক্ষেত্ৰতো ব্যৱস্থা লৈছে বন বিভাগে।

সম্প্ৰতি আহত গঁড়টোক নিৰীক্ষণত ৰখাৰ উপৰিও কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় পথ পাৰ কৰি পুনৰ কাজিৰঙালৈ গঁড়টোক ওভটাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বনকৰ্মীয়ে ৷