NORTHEAST NOW (Assamese)

কাজিৰঙাত পুনৰ চোৰাংচিকাৰীয়ে গঁড় হত্যা কৰি কাটি নিলে খড়গ

February 16, 2019 10:02 am · এন ই নাও নিউজ
Updated: February 16, 2019 10:06 am
প্ৰতিনিধিত্বমূলক ফটো

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাংচিকাৰীয়ে গঁড় হত্যা কৰি কাটি নিলে খড়গ। উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ তামুলী পথাৰৰ পৰা চোৰাংচিকাৰীয়ে গঁড় হত্যা কৰি খড়গ কাটি নিয়ে।

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা উদ্যানখনৰ বনকৰ্মীয়ে গুলীৰ শব্দ শুনিছিল। ফলত গুলীৰ উৎসৰ বিচৰাত খড়গবিহীন গঁড়টো উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্যানখনৰ বনকৰ্মী।

বৰ্তমান বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ)এ উদ্যানখনৰ ভিতৰত আৰু উদ্যানখনৰ চাৰিওফালে চোৰাংচিকাৰীক কৰায়ত্ত কৰাৰ উদ্দেশ্যে এক অভিযান চলাইছে। অৱশ্যে বাতৰি লিখা পৰলৈকে কাকো আটক কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।

Related News