পুলৱামাত চি আৰ পি এফৰ জোৱানৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে কৰা আত্মঘাটী আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কণ্ঠশিল্পী জুবিন গাৰ্গে দেশৰ বিৰুদ্ধে নহয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে আহ্বান জনায়।
শুকুৰবাৰে সাংবাদিকৰ আগত পুলৱামাৰ ঘটনা অত্যন্ত দুখজনক আৰু বৰ্বৰ বুলি উল্লেখ কৰি জুবিনে চৰকাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে কয়। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত চহিদ হোৱা চি আৰ পি এফৰ বীৰ জোৱান আৰু পৰিয়ালবৰ্গলৈও জুবিনে সমবেদনা জ্ঞাপন কৰে।
আনহাতে, সেনা বাহিনীক সম্পুৰ্ণ ক্ষমতা দিয়াৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয় যে সেনা বাহিনীক সম্পুৰ্ণ ক্ষমতা দিলে মাজে সময়ে কথাটো ওলোটা হৈ যায়, মণিপুৰত তেনে ঘটনা হৈছিল যাৰবাবে ওলোটা আন্দোলন কৰিব লগা পৰিবেশৰ সৃষ্টি হৈছিল।
কাশ্মীৰৰ পৰিবেশ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জুবিনে সৰুৰে পৰা তেওঁ কাশ্মীৰৰ সমস্যাৰ কথাই শুনি আহিছে বুলি উল্লেখ কৰে। পূৰ্বতে অসমতো কিছু এনেধৰণৰ সমস্যা আছিল যদিও এতিয়া পৰিবেশ সলনি হ’ল বুলি মন্তব্য কৰে কণ্ঠশিল্লী গৰাকীয়ে।
আনহাতে, সন্ত্ৰাসবাদৰ কোনো জাতি বা ধৰ্ম নাই বুলি উল্লেখ কৰি জুবিনে সদায় ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু প্ৰয়োজনত নিজৰ মানুহৰ লগতো তেওঁ সন্ত্ৰাসবাদৰ বিৰোধিতাৰে কাজিয়া কৰিছে বুলি কয়।‘‘মই ৰাজনীতি কৰা বা চৰকাৰৰ মানুহ নহয় কিন্তু গান আৰু চিনেমাৰে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰি যাম’’ এইদৰে জুবিনে সাংবাদ মাধ্যমৰ আগত নিজৰ মনোভাব ব্যক্ত কৰে।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ ঘোষণা কৰা উচিত নে বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত যুদ্ধৰ বিৰোধিতা কৰি জুবিনে যুদ্ধক কেতিয়াও তেওঁ সমৰ্থন নকৰে বুলি কয়। ভাৰতে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে আৰু এই ক্ষেত্ৰত ভাৰতে পাকিস্তান, আফগানিস্তান কালৈকো ভয় নকৰে বুলি জুবিনে সাংবাদিকৰ আগত মতপ্ৰকাশ কৰে।