NORTHEAST NOW (Assamese)

চাৰি বছৰৰ ভিতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২৪ টালৈ বৃদ্ধি

March 22, 2022 10:36 am · ময়ুখ গোস্বামী, মঙলদৈ
Updated: March 22, 2022 11:10 am

বিগত চাৰি বছৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২৪ টালৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া গঁড়ৰ গণনা কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত মঙলদৈ বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই এই কথা প্ৰকাশ কৰে।

তেওঁ কয়— ” যোৱা কেইবছৰমানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আমি মুঠ ১২৫ টা গঁড় থকাৰ বিষয়ে নিশ্চিত হৈছো আৰু এই সংখ্যাৰ সৈতে ২৪ টা গঁড় নতুনকৈ সংযোগ হৈছে।’

তেওঁ লগতে কয় যে গণনাৰ সময়ত ৪৩ টা মতা , ৪৯ টা মাইকী আৰু ২৩ টা পোৱালি গঁড়ৰ তথ্য পোৱা গৈছে। বাকী ১০ টা গঁড়ৰ লিংগ নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য উদ্যানখনৰ ষোল্লটা বন খণ্ডত দুদিনীয়াকৈ গঁড়ৰ গণনা কাৰ্য চলোৱা হৈছিল । এই গণনা কাৰ্যত মুঠতে ষোল্লটা হাতী ব্যৱহাৰ কৰা হৈছিল।

বন বিভাগৰ কৰ্মচাৰীৰ উপৰি বিশ্ব বন্যপ্ৰাণী সংস্থা, প্ৰকৃতি সংগঠন আৰণ্যকৰ কৰ্মী,মঙলদৈ মহাবিদ্যালয়ৰ একাংশ শিক্ষকেও এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বন বিষয়া বি এন তালুকদাৰ ,হিতেশ ভট্টাচাৰ্য, মাজিদুল হুছেইন, বন সংমণ্ডল বিষয়া ডিব্ৰুগড় (টেৰিটৰিয়েল) সন্দীপ কুমাৰ, বিশ্ব বন্যপ্ৰাণী সংস্থাৰ বিষয়ববীয়া অমিত শৰ্মা আৰু আৰণ্যকৰ বিভব তালুকদাৰেও গঁড় গণনা প্ৰক্ৰিয়াত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰে।

Related News