কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা এটা মতা গঁড় বৃহস্পতিবাৰে পুৱা বোকাখাতৰ নাহৰজান চাহ বাগিচা পায়গৈ ৷ পুৱাই বাগিচাৰ লোকে প্ৰত্যক্ষ কৰে গঁড়টোক ৷ পিছত গঁড়টো গৈ কাৰ্বি আংলং জিলাৰ সীমাৰ কাকজান গাওঁৰ সমীপত উপস্থিত হয়গৈ ৷
পুৱাৰে পৰাই পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ এটা বনকৰ্মীৰ দল গৈ গঁড়টোৰ কাষত উপস্থিত হৈ কাজিৰঙালৈ ঘুৰাই আনিবৰ বাবে চেষ্টা চলায় ৷
কাকজানৰ সমীপৰ এডৰা জাৰণিত আশ্ৰয় লোৱা গঁড়টোক ওভটাবৰ বাবে জে চি বি ও ব্যৱহাৰ কৰে বনকৰ্মীৰ দলে ৷
অভিযানৰ নেতৃত্ব দিয়ে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে ৷ প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে গঁড়টোক ওভটাব পৰা নাই বনকৰ্মীয়ে ৷
সম্প্ৰতি নিশাৰ আন্ধাৰ নামি অহাৰ বাবে গঁড়টোৰ নিৰাপত্তাৰ উপৰিও কাজিৰঙালৈ ঘুৰাবৰ বাবে বনাঞ্চলিক বিষয়া দেৱনাথৰ নেতৃত্বত এটা দলে নিশা পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য বাৰিষাৰ বানপানীৰ সময়ত কাজিৰঙাৰ পৰা গঁড় কাৰ্বি আংলং জিলাৰ পাহাৰলৈ যোৱাৰ বিপৰীতে শীত কালত ব্ৰহ্মপুত্ৰ চাপৰি বোৰলৈ ওলায় যায় ৷
শীতকালত খুউব কম সংখ্যক গঁড়হে কাৰ্বি আংলংৰ পাহাৰলৈ যায় ৷ এনে পটভূমিত কাকজানলৈকে গঁড়ৰ এই পৰিভ্ৰমণ বিশেষভাৱে উল্লেখনীয় ৷
কাজিৰঙাৰ এনিমেল কৰিডৰৰ নাতিদূৰৰ এটা তেল পাইপ লাইন হৈ গঁড়টো কাকজান পোৱাৰ সম্ভাৱনা আছে বুলি বনবিভাগৰ সুত্ৰত প্ৰকাশ ৷