• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাকজানত কাজিৰঙাৰ গঁড়ৰ অন্য এক পৰিভ্ৰমণ; ওভটাই নিবলৈ বনকৰ্মীৰ প্ৰচেষ্টা অব্যাহত

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 8, 2021 6:55 am

1 min read

Rhino.file photo kaziranga

কাজিৰঙাৰ বাহিৰলৈ ওলাই অহা গঁড়টো। ফটো: নৰ্থইষ্ট নাও।

168
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা এটা মতা গঁড় বৃহস্পতিবাৰে পুৱা বোকাখাতৰ নাহৰজান চাহ বাগিচা পায়গৈ ৷ পুৱাই বাগিচাৰ লোকে প্ৰত্যক্ষ কৰে গঁড়টোক ৷ পিছত গঁড়টো গৈ কাৰ্বি আংলং জিলাৰ সীমাৰ কাকজান গাওঁৰ সমীপত উপস্থিত হয়গৈ ৷

পুৱাৰে পৰাই পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ এটা বনকৰ্মীৰ দল গৈ গঁড়টোৰ কাষত উপস্থিত হৈ কাজিৰঙালৈ ঘুৰাই আনিবৰ বাবে চেষ্টা চলায় ৷

কাকজানৰ সমীপৰ এডৰা জাৰণিত আশ্ৰয় লোৱা গঁড়টোক ওভটাবৰ বাবে জে চি বি ও ব্যৱহাৰ কৰে বনকৰ্মীৰ দলে ৷

অভিযানৰ নেতৃত্ব দিয়ে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে ৷ প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে গঁড়টোক ওভটাব পৰা নাই বনকৰ্মীয়ে ৷

সম্প্ৰতি নিশাৰ আন্ধাৰ নামি অহাৰ বাবে গঁড়টোৰ নিৰাপত্তাৰ উপৰিও কাজিৰঙালৈ ঘুৰাবৰ বাবে বনাঞ্চলিক বিষয়া দেৱনাথৰ নেতৃত্বত এটা দলে নিশা পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য বাৰিষাৰ বানপানীৰ সময়ত কাজিৰঙাৰ পৰা গঁড় কাৰ্বি আংলং জিলাৰ  পাহাৰলৈ যোৱাৰ বিপৰীতে শীত কালত ব্ৰহ্মপুত্ৰ চাপৰি বোৰলৈ ওলায় যায় ৷

শীতকালত খুউব কম সংখ্যক গঁড়হে কাৰ্বি আংলংৰ পাহাৰলৈ যায় ৷ এনে পটভূমিত কাকজানলৈকে গঁড়ৰ এই পৰিভ্ৰমণ বিশেষভাৱে উল্লেখনীয় ৷

কাজিৰঙাৰ এনিমেল কৰিডৰৰ নাতিদূৰৰ এটা তেল পাইপ লাইন হৈ গঁড়টো কাকজান পোৱাৰ সম্ভাৱনা আছে বুলি বনবিভাগৰ সুত্ৰত প্ৰকাশ ৷

Recent News

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd