NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙণি ৰীমা দাস আৰু য়েছে দৰজে ঠংচিৰ

July 20, 2019 4:47 pm · এন ই নাও নিউজ
Updated: July 20, 2019 4:49 pm

অসমৰ বানপীড়িত ৰাইজলৈ বলীউডৰ অভিনেতাকে ধৰি দেশৰ বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াইছে।

ইয়াৰ মাজতে আজি বিশিষ্ট ছবি পৰিচালিকা ৰীমা দাসেও মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ অনুদান আগবঢ়াইছে। এই কথা বিশিষ্ট পৰিচালিকা গৰাকীয়ে ফেচবুকৰ জৰিয়তে ঘোষণা কৰিছে।

আনহাতে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়েও অসমৰ বানাক্ৰান্ত সকলৰ বাবে ১ লাখ টকাৰ সাহায্য আগবঢ়ায়। উল্লেখযোগ্য যে বড়োচা সমন্বয় বঁটাত বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১ লাখ টকাৰ মাননি লাভ কৰিছিল। আৰু তেওঁ বঁটাত লাভ কৰা এই মাননি অমসৰ বানপীড়িত ৰাইজৰ বাবে আগবঢ়ায়।

ইফালে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰোয়েলছৰ হৈ খেলি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰা ভাৰতৰ উদীয়মান ক্ৰিকেটাৰ তথা অসম সন্তান ৰিয়ান পৰাগেও মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ ১ লাখ টকা বৰঙণি হিচাপে আগবঢ়ায়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছ’চিয়েল মিডিয়াত ৰিয়ান পৰাগে সাহায্য দান কৰা ফটো শ্বেয়াৰ কৰি বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে যুৱপ্ৰজন্মই উদ্যমেৰে আগবাঢ়ি আহি সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি ৰিয়ানক ধন্যবাদ জ্ঞাপন কৰে।

Related News