NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল ৰীমা দাস, মঞ্জু বৰা, ববি শৰ্মা বৰুৱা; মুখ্য মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

August 9, 2019 9:16 pm · এন ই নাও নিউজ
ৰীমা দাস, মঞ্জু বৰা, ববী শৰ্মা বৰুৱা

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজত কমল বঁটা লাভেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰা বিশিষ্ট পৰিচালক ৰীমা দাস, মঞ্জু বৰা আৰু ববি শৰ্মা বৰুৱাক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

সোণোৱালে তিনিওগৰাকী পৰিচালিকাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰথিতযশা চলচ্চিত্ৰ পৰিচালিকা তিনিগৰাকীয়ে ভৱিষ্যতে উৎকৃষ্ট চলচ্চিত্ৰ নিৰ্মাণেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত বঁটা লাভাৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, শুকুৰবাৰে ঘোষণা কৰা ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰীমা দাসৰ ‘বুলবুল কেন চিং’ চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰাৰ উপৰি মঞ্জু বৰাৰ ‘ইন দ্যা লেণ্ড অফ পইজন ওমেন’ আৰু ববি শৰ্মা বৰুৱাৰ ‘মিচিং’ চলচ্চিত্ৰখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

মঞ্জু বৰুৱাই ‘পাংঙচেনপা’ ভাষাত চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল। অৰুণাচলপ্ৰদেশৰ ভাৰত-চীন সীমান্তত বাস কৰা মাত্ৰ ৫,০০০ লোকে পাংঙচেনপা ভাষা কয়।

Related News