ডিব্ৰুগড় জিলাত নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথ NH 52 (B)-ৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ নোপোৱা ক্ষতিগ্ৰস্ত ৰাইজক সফল সংগ্ৰামৰ জৰিয়তে ক্ষতিপূৰণ দিবলৈ চৰকাৰক বাধ্য কৰা সংগ্ৰামৰ নেতৃত্ব বহন কৰা বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উঠিছে।
আজি গ্ৰেটাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এই অভিযোগ আনিছে NH 52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চই।
সংবাদমেলখনত যৌথ মঞ্চই দাবী কৰে, নিজে ক্ষতিগ্ৰস্ত নোহোৱা সত্ত্বেও শইকীয়াই ক্ষতিগ্ৰস্তসকলৰ অনুৰোধত সংগ্ৰামখনক সবল আৰু সফল নেতৃত্বৰে আগুৱাই নিছিল, যাৰ ফলত চৰকাৰে প্ৰথমে অনিচ্ছুক হোৱাৰ পিছতো সকলো ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল।
মঞ্চখনৰ মতে, উচিত ক্ষতিপূৰণ লাভৰ ক্ষেত্ৰত দুৰ্ভগীয়া ৰাইজে উৱাদিহ নাপাইহে চি পি আই (এম এল)-ৰ নেতা বলীন্দ্ৰ শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাষ চাপিছিল আৰু সৰ্বসন্মতিক্ৰমে ক্ষতিগ্ৰস্ত ৰাইজে “NH 52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চ, ডিব্ৰুগড়-শিৱসাগৰ” গঠন কৰে।
২০১৪ চনত প্ৰতিষ্ঠা লাভ কৰা এই মঞ্চই বলীন্দ্ৰ শইকীয়াৰ নেতৃত্বত ৭০ কি: মি: জোৰা পদযাত্ৰা, ৩৫০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, ৭০০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, অনশন আদিকে ধৰি চাৰি বছৰীয়া এক আপোচবিহীন সংগ্ৰাম চলাই নিয়ে আৰু শেষত চৰকাৰে ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়ে।
কিন্তু শেহতীয়াকৈ শইকীয়াৰ বিৰুদ্ধে ইতিমধ্যে ক্ষতিপূৰণ পোৱা টিংখাং থানাৰ অন্তৰ্গত ১ নং নাচনী গাঁৱৰ বিকাশ গগৈ নামৰ এজন ক্ষতিগ্ৰস্তই ক্ষতিপূৰণ উলিয়াই দিয়াৰ বিনিময়ত শইকীয়াই তেওঁৰ পৰা চেক যোগে এক লাখ টকা লোৱা বুলি অভিযোগ আনে। কেৱল অভিযোগ অনাই নহয়, বিকাশ গগৈয়ে শইকীয়াৰ বিৰুদ্ধে এই সন্দৰ্ভত টিংখাং আৰক্ষী চকীত এখন এজাহাৰ দিয়ে।
এজাহাৰখনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৯/৪২০ ধাৰাত ১৯৩/১৯ নম্বৰত বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হৈছে।
যৌথ মঞ্চখনে আজি সংবাদমেলত বিকাশ গগৈৰ অভিযোগ ভিত্তিহীন তথা উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰে। মঞ্চৰ বিষয়ববীয়াসকলে ইয়াৰ আঁৰত ৰাজনৈতিক অংক থকা বুলিও দাবী কৰে। বিধায়ক বিমল বৰালৈ ষড়যন্ত্ৰৰ আঙুলি টোঁৱাই মঞ্চই।
“এই অভিযোগৰ দ্বাৰা বলীন্দ্ৰ শইকীয়াৰ দৰে সংগ্ৰামী নেতাক সাধাৰণ ৰাইজৰ পৰা বিচ্ছিন্ন কৰাৰ লেতেৰা ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ আছে আৰু এই ষড়যন্ত্ৰৰ পিছফালে বিধায়ক বিমল বৰা জড়িত আছে”, সংবাদমেলত মঞ্চই কয়।
মঞ্চখনৰ দাবী :
মল বৰা বিধায়ক হোৱাৰ আগৰে পৰাই কোম্পানিৰ হৈ ওকালতি কৰিছিল আৰু কেতিয়াও আন্দোলনত সহযোগিতা কৰা নাছিল। আনকি বিধায়ক হৈ তেওঁ পুলিচ লগাই ৰাস্তাৰ কাম আৰম্ভ কৰাত ৰাইজে তেওঁৰ বাসগৃহ ঘেৰাও কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল।
তাৰ পিছত ৰাজগড়ত তিনিজন ক্ষতিগ্ৰস্তই কৰা অনশন কাৰ্যসূচীৰ খবৰ ল’বলৈও অহা নাছিল। ওলোটাই সপ্তম দিনাখন তেওঁ পুলিচ প্ৰশাসনৰ সহযোগত অনশনকাৰীসকলক গ্ৰেপ্তাৰ কৰাইছিল।
কিন্তু আন্দোলন সফল হোৱা দেখি তাৰ কৃতিত্ব ল’বলৈ তেওঁ বিচাৰি ফুৰিছে আৰু সেয়ে আন্দোলনৰ মূল নেতৃত্বৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰোৱাইছে।