NORTHEAST NOW (Assamese)

শিৱসাগৰৰ সৰবৰহী ধৰ্মপ্ৰাণ মহিলা ৰীনা ভাগৱতীৰ মৃত্যু

July 21, 2019 6:39 pm · পার্শ্বজোতি গগৈ
ৰীনা ভাগৱতী, ফটো নৰ্থ-ইষ্ট নাও
শিৱসাগৰ চহৰৰ এ টি ৰোডস্থিত ব্ৰাহ্মীণ পট্টীৰ সৰবৰহী তথা ধৰ্মপৰায়ণ মহিলা ৰীনা ভাগৱতীৰ ৬২ বছৰ বয়সত দেওবাৰে পুৱা ৫.৩০ বজাত নিজা বাসভৱনত মৃত্যু হয়। ভাগৱতী শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল।
শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যুক সাবটি লোৱা ভাগৱতী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে কৰি গৈছিল অভিনয়, গীত, কবিতা আদিৰ চৰ্চা।
ইয়াৰ উপৰি তেওঁ শিৱসাগৰ মইনা পাৰিজাত, শিৱসাগৰ বাৰোৱাৰী পূজা সমিতি, বাৰোৱীৰী মহিলা মঞ্চ, গ্ৰাহক সুৰক্ষা সমিতি, দল উন্নয়ন কমিটি, সদৌ অসম ব্ৰাহ্মণ সমাজ, সনাতন ধৰ্ম নামঘৰ, ককা আইতাৰ মেল আদি অনুষ্ঠানৰ লগত সক্ৰিয় ভাৱে জড়িত আছিল।
মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰ, বোৱাৰী, দুগৰাকী জীয়ৰীৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ গৈছে। বহু লোকৰ উপস্থিতিত থানামুখৰ শান্তিবন শ্মশানত ৰীনা ভাগৱতীৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Related News