টিকটৰ বাবত টকা লোৱা নাই বুলি ভগৱানৰ নামত শপত খালে ৰিপুণ বৰাই

“১০০ দিন বাদেই, ৫ বছৰতো কিয় নহ’ল জনজাতিকৰণ?”

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অসম কংগ্ৰেছৰ একাধিক নেতাই দলীয় নেতৃত্বৰ ওপৰত বিষোদগাৰ কৰি টিকটক কেন্দ্ৰ কৰি ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলিছিল দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে।
দেওবাৰে গুৱাহাটীৰ হোটেল ৰিভিয়াৰাত সম্বোধন কৰা এখন সংবাদমেলত এই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আনকি ভগৱানৰ নামত শপত খায়ো তেওঁ এই কথাৰ অস্বীকাৰ কৰে।

“মই ভগৱানৰ নামত শপত খাই কৈছো যদি কোনোবাই টকা লৈ টিকট দিয়াৰ প্ৰমাণ দিব পাৰে তেন্তে তাৰ দায়িত্ব মই ল’ম”, সংবাদমেলত এইদৰে অভিযোগ অনাসকলক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ। বৰাৰ মতে টিকট নাপাই ক্ষুভিত হৈ অভিযোগকাৰীসকলে এইদৰে কৈছে।

ইপিনে, “আমিতো সকলোকে টিকট দিব নোৱাৰো” বুলি মন্তব্য কৰি বৰাই প্ৰশ্ন কৰি কয়, “সুস্মিতা দেবে টকা দি টিকট ল’ব নেকি? প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ভুৱনেশ্বৰ কলিতাই টকা দি টিকট ল’ব নেকি?”
বৰাই আৰু কয়, “বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেক এজন বিধায়ক, তেওঁ টকা দি টিকট ক্ৰয় কৰিব নেকি? টিকট দিয়াৰ ক্ষেত্ৰত ভালতকৈয়ো ভাল প্ৰাৰ্থী চাইছো।”

তদুপৰি, টিকট দিয়াৰ কিছুমান ক্ৰাইটেৰিয়া (দৰকাৰী চৰ্ত) থাকে বুলি উল্লেখ কৰি বৰাই কয় যে জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বেছিকৈ গুৰুত্ব দিয়া হৈছে।

“জিকাৰ কিমান সম্ভাৱনা আছে সেইটো পৰ্য্যবেক্ষণ কৰিহে টিকট দিব লগীয়া হৈছে। নিশ্চিতভাৱে ২০জনে টিকট বিচাৰিলে ১৯জন বঞ্চিত হ’বই।”

আনহাতে, কলিয়াবৰ আৰু ধুবুৰীৰ আসনকেইখনক লৈ এ আই য়ু ডি এফৰ সৈতে গোপন বুজাবুজি হোৱা বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে যদিও এই কথা সম্পূৰ্ণৰূপে নাকচ কৰে সভাপতি বৰাই।

“কেনেকৈ বুজাবুজি হ’ল বুজাই দিয়াটো ভাল। ধুবুৰী লোকসভা সমষ্টিত ভাল প্ৰাৰ্থী দিছো, শক্তিশালী প্ৰাৰ্থী। বেপাৰী এজন প্ৰাক্তন বিধায়ক, প্ৰাক্তন সংসদীয় সচিব। আৱেদনকাৰীসকলৰ মাজত তেৱেঁই আছিল আটাইতকৈ যোগ্য প্ৰাৰ্থী।” বৰাই এইদৰে কয়।

তদুপৰি সেই একেখন সংবাদমেলতে কালি মোদীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি কটাক্ষ কৰে ৰিপুণ বৰাই।
“প্ৰধানমন্ত্ৰীৰ ভাষণত অসমৰ বাবে আশা আৰু নতুনত্ব একো নাই ৷ ৫ বছৰত কিমান বিদেশী খেদিলে মোডীয়ে হিচাপ দিবনে? নিৰ্বাচনী সভাত তেওঁ বিদেশীৰ প্ৰসংগত কিয় টু শব্দ এটাও নক’লে?” একেখিনি কথাৰে পুনৰবাৰ অসমৰ জনসাধাৰণক আভুৱা ভঁৰা বুলি মন্তব্য কৰি বৰাই এইদৰে কয়।

ইপিনে, বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধান মন্ত্ৰীয়ে ১০০ দিনৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি উনুকিয়াই দি বৰাই প্ৰশ্ন কৰি কয়, “১০০ দিন বাদেই, ৫ বছৰতো কিয় নহ’ল জনজাতিকৰণ?”

তদুপৰি, চাহ শ্ৰমিককো মোদী চৰকাৰে বঞ্চনা কৰিছে বুলি অভিযোগ কৰি বৰাই কয়, “শ্ৰমিকৰ মজুৰি আজিও ৩৫০ টকা নহ’ল, ৫০০টকাৰ চীনত নিৰ্মিত মোবাইল দিলেই শ্ৰমিকৰ উন্নয়ন নুবুজায়।”