ক’ত-কেনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক, জনালে ৰিপুন বৰাই

আজি আবেলি অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত দেহাৱসান ঘটে।

আজি ৰাতিটো গগৈৰ নশ্বৰ দেহ জি এম চি এইচতে থকাৰ পাছত কাইলৈ ৰাতিপুৱা ৯ বজাত জি এম চি এইচৰ পৰা পোনে পোনে গগৈৰ নশ্বৰ দেহ দিছপুৰৰ চৰকাৰী আৱাস গৃহলৈ লৈ যোৱা হ’ব।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত জনাইছে এই কথা।

চৰকাৰী আৱাস গৃহৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰ  দেহ ৰাজীৱ ভৱনলৈ অনা হ’ব।

ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা কৰ্মীয়ে তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে বিয়লি ৪ বজাত নিয়া হ’ব কলাক্ষেত্ৰলৈ।

পুত্ৰ গৌৰৱ গগৈ আৰু পত্নী ডলি গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰ সৈতে আলোচনা কৰি কাইলৈ নিশাটো গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰত ৰখাৰ বাবে সিদ্ধান্ত লৈছে।

বুধবাৰে গুৱাহাটীৰ কোনো এটা স্থানত গগৈৰ শেষকৃত সম্পন্ন হ’ব। বৰ্তমানলৈকে সেই স্থান নিৰ্ধাৰণ কৰা হোৱা নাই বুলি ৰিপুন বৰাই কয়।

আনহাতে, অন্তোষ্টিক্ৰিয়াৰ পূৰ্বে তৰুণ গগৈৰ জীৱিত কালৰ ইচ্ছা অনুসৰি এক সমদল কৰি গগৈৰ নশ্বৰদেহ একোটাকৈ মন্দিৰ, মছজিদ, গীৰ্জালৈ লৈ যোৱা হ’ব বুলি ৰিপুন বৰাই জনায়।