NORTHEAST NOW (Assamese)

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ; আটক হ’ল ৰিপুন বৰা, ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা

September 30, 2020 12:45 pm · কল্পজ্যোতি শইকীয়া

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আটক হ’বলগীয়া হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা।

আজি দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত এছ আইৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ উচ্চস্তৰীয় তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

প্ৰতিবাদকাৰীসকলে মানবেন্দ্ৰ শৰ্মা কম্প্লেক্স ৰ পৰা ৰাজপথলৈ ওলাই অহা সময়তে প্ৰথমে বেৰিকেড দি বাধা দিয়াৰ চেষ্টা কৰে আৰক্ষীয়ে।

কিন্তু বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই অহাত, প্ৰথমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তাৰ পাছত ক্ৰমে বিৰোধী উপ দলপতি ৰকিবুল হুছেইন, আৰু বাবু বৰুৱাক আটক কৰি লৈ যায় আৰক্ষীয়ে।

তেওঁলোকৰ লগতে প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় কাহিলিপাৰা স্থিত চতুৰ্থ APBN ৰ কাৰ্যালয়লৈ।

ৰিপুন বৰাই প্ৰতিবাদত অংশগ্ৰহণ কৰি কয় “CID ক বিশ্বাস কৰিব নোৱাৰি, CBI য়ো বিজেপি চৰকাৰৰ হাতৰ পুতলা হৈছে ।’

সেয়েহে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জড়িয়তে এই কেলেংকাৰীৰ তদন্ত কমিটি গঠন কৰি ন্যায়িক তদন্তৰ দাবী তোলে।

ইয়াৰোপৰি, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে।

Related News