সমাজত বেয়া প্ৰভাৱ পেলাব পৰা মেছেজ, সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকক : ৰাজেন সিঙ

সমাজত সততে কিছু কৰ্মকাণ্ড সংঘটিত হৈ সমাজৰ সাতাম পুৰুষীয়া ঐক্য, সম্প্ৰীতি, ভাতৃত্ববোধ বিনষ্ট কৰি থকা মৰেল পুলিচিং, কুসংস্কাৰ, অন্ধবিশ্বাস, চাইবাৰ ক্ৰাইমৰ ওপৰত সজাগতাৰ লক্ষ্যৰে কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে প্ৰজেক্ট প্ৰহৰীৰ উদ্যোগত জিলাখনৰ বিভিন্ন এলেকাৰ অত্যন্ত ভিতৰুৱা অঞ্চলত কুসংস্কাৰ , অন্ধবিশ্বাস, ডাইনীপ্ৰথাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ পিছত এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে উক্ত বিষয় সমূহৰ উপৰিও চাইবাৰ ক্ৰাইমৰ ওপৰত আৰম্ভ কৰিছে সজাগতা সভা।

এই উপলক্ষে ৩০ ছেপ্টেম্বৰত কোকৰাঝাৰ থানাত অনুষ্ঠিত হয় অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা। প্ৰায় ২০০ লোকে ভিৰ কৰা সজাগতা সভাত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে কুসংস্কাৰ ,অন্ধবিশ্বাসে সমাজ ব্যৱস্থা বিষময় কৰি তোলে বুলি উল্লেখ কৰে।

লগতে তেওঁ কুসংস্কাৰ,অন্ধবিশ্বাসৰ যিহেতু কোনো বাস্তৱ ভেটি নাই সেয়েহে কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে সততে মাত মাতিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

তাৰোপৰি মেধীয়ে চাইবাৰ ক্ৰাইমৰ বিভিন্ন দিশৰ ওপৰত বিষদ বৰ্ণনা কৰি আইন হাতত তুলি ন’লবলৈ সকলোৰে প্ৰতি আহ্বান জনাই সমাজ এখন সুস্থ কৰি ৰাখিবলৈ হ’লে সকলোৰে সহযোগিতাৰ দৰকাৰ বুলি মন্তব্য কৰে।

আনহাতে সজাগতা সভাত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে চাইবাৰ ক্ৰাইমৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি নৱপ্ৰজন্মক এইক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনায়।

লগতে ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হয় বুলি উল্লেখ কৰি বিশেষকৈ সমাজত বেয়া প্ৰভাৱ পেলাব পৰা মেছেজ, সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায়।