কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনা,পিডব্লিউচিৰ প্ৰতিবেদন

কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনা। পিডব্লিউচিৰ ‘গ্লোবেল ইকনমিক ক্ৰাইম এণ্ড ফ্ৰড চাৰ্ভে ২০২২’ ৰ শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে কোভিডৰ সংক্ৰমণৰ সময়তে ডিজিটেল প্ৰক্ৰিয়াই গতি লাভ কৰিছে যদিও এই আকস্মিক পৰিৱৰ্তনৰ ফলত কোম্পানীবোৰে ডিজিটেল সুৰক্ষা, কৰ্মচাৰীৰ সুৰক্ষা আদি বিষয়সমূহত নতুন বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে।

ডিজিটেল প্ৰক্ৰিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰাৰ বাবে বিত্তীয় প্ৰৱঞ্চনা আৰু অৰ্থনৈতিক অপৰাধ আদিৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ডাঙৰ প্ৰতিষ্ঠানবোৰত এনে প্ৰৱঞ্চনাৰ ঘটনা অধিক হোৱা পৰিলক্ষিত হৈছে।
মঙলবাৰে মুকলি কৰা এক নতুন জৰীপ অনুসৰি যোৱা দুবছৰত ৯৫ শতাংশতকৈও অধিক ভাৰতীয় কোম্পানীত নতুন ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা দেখিছে।

এনে তথ্য সমগ্ৰ বিশ্বৰ ১,২৯৬ টা কোম্পানীৰ সংস্থা পিডব্লিউচিৰ জৰীপৰ পৰা লাভ কৰা হৈছে । প্ৰতিবেদন প্ৰস্তুত কৰোতে ১১২ টা ভাৰতীয় কোম্পানী আৰু ৩২ টা বিবিধ উদ্যোগক সামৰি লোৱা হৈছিল।

প্ৰতিবেদনত কোৱা হৈছে “ডিজিটেল প্ৰক্ৰিয়াৰ ফলত প্ৰৱঞ্চনাৰ নতুন ঘটনা বৃদ্ধি পাইছে: যোৱা ২৪ মাহত ৫২ শতাংশ ভাৰতীয় কোম্পানীয়ে প্ৰৱঞ্চনা বা অৰ্থনৈতিক অপৰাধৰ সন্মুখীন হৈছে আৰু ইয়াৰে ৯৫ শতাংশই কোভিডে সৃষ্টি কৰা ব্যাঘাতৰ ফলত হৈছে। প্ৰকাৰৰ ”।উল্লেখ্য একেধৰণৰ পূৰ্বৱৰ্তী জৰীপত ২০২০ চনত কৰা হৈছিল আৰু তেতিয়া এনে ঘটনা ৫৬ শতাংশ আছিল।

পিডব্লিউচি ইণ্ডিয়াৰ ফৰেনচিক সেৱাৰ মুৰব্বী পুনীত গাৰ্খেলে কয় যে কোম্পানীবোৰে “প্ৰৱঞ্চনাৰ নতুন ধাৰা হ্ৰাস কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিত বিনিয়োগ”ত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।

তেওঁ উল্লেখ কৰে যে যোৱা দুবছৰত কোম্পানীবোৰৰ সাংগঠনিক পৰিধি অধিক অসুৰক্ষিত হৈ পৰিছে।

ভাৰতীয় কোম্পানীবোৰে প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত সফল হ’ব পৰা নাই।

প্ৰতিবেদন অনুসৰি কোম্পানীবোৰে সন্মুখীন হোৱা নতুন প্ৰকাৰৰ প্ৰৱঞ্চনাৰ ভিতৰত আছে “অসৎ ব্যৱসায়িক বিপদাশংকা (৬৭ শতাংশ), আইনী বিপদাশংকা (১৬ শতাংশ), চাইবাৰ ক্ৰাইম (৩১ শতাংশ), ইনচাইডাৰ ট্ৰেডিং (১৯ শতাংশ), আৰু আন বিপদাশংকা (৩৮ শতাংশ)।