ধোনীক অতিক্ৰম কৰি পণ্টৰ নতুন অভিলেখ, গঢ়িলে দ্ৰুততম ভাৰতীয়ৰ ৰেক’ৰ্ড

Rishabh Pant

চেঞ্চুৰিয়ানৰ চুপাৰস্পৰ্ট পাৰ্কত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা প্ৰথম খন টেষ্টৰ সময়ত মঙলবাৰে ভাৰতৰ উইকেটকিপাৰ ঋষভ পন্তে এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে।

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা উইকেট ৰক্ষক তাৰকা মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰি ১০০ টা টেষ্ট ডিচমিচেলৰ ৰেকৰ্ড কৰা দ্ৰুততম ভাৰতীয় উইকেট ৰক্ষকৰ অভিলেখ স্থাপন কৰিছে পণ্টে।

ভাৰতৰ বেগী বলাৰ মহম্মদ ছামিৰ বলত দক্ষিণ আফ্ৰিকাৰ সহ অধিনায়ক টেম্বা বাভুমাৰ কেচ সংগ্ৰহ কৰি পণ্টে এই কৃতিত্ব অৰ্জন কৰে।

পণ্টে কেৰিয়াৰৰ ২৬ তম টেষ্টত এই সফলতাত উপনীত হৈছে। ইয়াৰ পূৰ্বে ধোনীৰ নামত ৩৬ তম টেষ্টত এই কৃতিত্ব অৰ্জন কৰা দ্ৰুততম ভাৰতীয় উইকেট ৰক্ষকৰ অভিলেখ আছিল।

দক্ষিণ আফ্ৰিকাৰ উইকেটকিপাৰ কুইন্টন ডি ক’ক সামগ্ৰিকভাৱে এই তালিকাত শীৰ্ষত আছে। ক’কে মাত্ৰ ২২ খন টেষ্টত ১০০ টা ডিচমিচেলৰ ৰেক’ৰ্ড স্থাপন কৰিছে৷

তদুপৰি ঋষভ পণ্ট ধোনী, চৈয়দ কিৰমানি, কিৰণ মোৰে, নয়ন মংগিয়া আৰু ঋদ্ধিমান সাহাৰ পিছত ষষ্ঠ ভাৰতীয় উইকেট ৰক্ষক হিচাপে তিনিটা সংখ্যাৰ ডিচমিচেল সম্পূৰ্ণ কৰে।

২৯৪ টা ডিচমিচেলৰ সৈতে ধোনীয়ে এজন ভাৰতীয় উইকেট ৰক্ষকৰ সৰ্বাধিক ডিচমিচেল ৰেক’ৰ্ড নিজৰ নামত অক্ষত ৰাখিছে।